আমি চাহ জল পান সুবিধা মতে খালোঁ। লৰা ছোৱালী হঁতৰ লগত ৰং ধেমালি আৰু নতুন ঠাই দেখুৱাই গৈ থাকোঁতে দুপৰীয়া ১॥ মান বজাত কলিকতাৰ চিয়ালদহ ষ্টেচন পালোঁ। গাড়ীৰ পৰা নামি হাওৰাৰ ওচৰৰ এখন ধৰ্ম্মশালাত উঠিবলৈ মন কৰিলোঁ। এনেতে মোৰ বঙ্গালী বন্ধু মানুহ এজনে মটৰ এখন ঠিক কৰি আমালৈ অপেক্ষা কৰি আছে। তেওঁ বৰকৈ অনুৰোধ কৰাত আমি তেওঁলোকৰ ঘৰত উঠি গা পা ধুই ভাত পানী খালোঁ। দু ঘণ্টা মান জিৰনি লৈ এখন ঘোঁৰা গাড়ী ৸৹ অনাত ঠিক কৰি হাওৰা ষ্টেচনলৈ গৰ্লোঁ। হাওঁৰাত টিকট কৰি পূৰীৰ ডাক গাড়ীত উঠিলোঁ ইয়াতো প্ৰভুৰ ইচ্ছাত সুবিধামতে গাড়ীত যাব পৰা হল। নিশা গৈ গৈ পুৱা ৬টা মান বাজাত পুৰী ষ্টেচন পালোঁ। গাড়ীৰ পৰা নামা মাত্ৰকে পাণ্ডাই আগুৰি ধৰিলে। আমি অসমৰ মানুহ। আমাৰ পাণ্ডা শ্ৰীযুত ভীমসেন মহাপাত্ৰ। এই বুলি কোৱাত আন সকলো পাণ্ডা আঁতৰি গল। কেৱল শ্ৰীযুত ভীমসেন মহাপাত্ৰৰ গোমস্তা এজন ওচৰ চাপি আহি আমাক সুবিধা কৰি দিব ধৰিলে। এখন মটৰ আৰু ৰিকচা গাড়ীত বস্তু বাৰি লৈ সকলোটি আমাৰ পাণ্ডাৰ বাহাঁ ঘৰলৈ আহিলোঁ। মটৰ খনে ১৲ টকা আৰু ৰিকচা খনে ৶৹ অনা ভাৰা ললে। ষ্টেচনৰ পৰা পাণ্ডাৰ বাহৰ ঘৰ ১॥ মাইল মান হব। আমাৰ পাণ্ডাৰ বাহৰ ঘৰ পশ্চিম দৰ্জ্জাৰ সমুখত, এখন তিনিতালা ঘৰ। আমি তিনি তালাৰ ওপৰত বস্তু বাৰি তুলি বিছনা পত্ৰ কৰি ললোঁ। ঘৰখন পৰিস্কাৰ। থাকিবলৈ বেয়া নহয়। অলপ পাচতে অসম পাণ্ডা শ্ৰীযুত ভীমসেন
পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৫৬
অৱয়ব