পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
শ্ৰীক্ষেত্ৰ

মহাপাত্ৰৰ প্ৰতিনিধি স্বৰূপ তেখেতৰ ভতিজা শ্ৰীযুত বাসুদেৱ মহাপাত্ৰ আহি আমাৰ কুশল বাৰ্ত্তা ললে। তেখেতৰ কথা মতে এজন গোমস্তাই আমাক মন্দিৰ দৰ্শন কৰিবলৈ লৈ গল। ৪৷৫ জন পাণ্ডাই হাতে হাতে ধৰি বেৰ কৰিলে আৰু সেই বেৰৰ ভিতৰত আমাক সকলোটিকে সুমুৱাই লৈ মানুহৰ ভিৰৰ মাজত নিৰাপদে প্ৰভুৰ দৰ্শন স্পৰ্শন কৰালে। প্ৰভু জগন্নাথৰ দৰ্শন স্পৰ্শন পাই বৰ সন্তোষ লাগিল। লৰা ছোৱালী কেইটাই মন্দিৰ এৰি আহিবই নোখোজে। ইটো চায়, সিটো চায়, চায় মানে অন্ত নহয়। পলম হোৱা দেখি এজন বুঢ়া গোমস্তাই পৰিবাৰক সম্বোধন কৰি কলে “আই, বেলি হল, বোপাহতৰ তোক লাগিব নহয়। আহক বাঁহাত যাওঁ অলপ জলপান কৰা ভাল। আজি আহি পাইছে মাত্ৰ”। গোমস্তাৰ মুখত অসমীয়া কথা শুনি বৰ ভাল লাগিল। পিচে প্ৰভুক প্ৰণাম কৰি বহাঁ ঘৰলৈ আহিলোঁ। বহাঁ ঘৰ পোৱা মাত্ৰকে আমাক জলপান খাবলৈ দিলে। এই জলপান পুৰি, মালপোৱা আৰু দুধৰ আছিল। আকৌ দুটা মান বজাত অন্নভোগ আনি দিলে। প্ৰভুৰ অন্ন ভোগ খাই বৰ তৃপ্তি পালোঁ। এই অন্ন ভোগ অন্ন ডালি তৰকাৰী অম্বল ইত্যাদি আছিল।

 প্ৰায় ৫টা বজাত শ্ৰীযুত বাসুদেৱ মহাপাত্ৰ আকৌ এবাৰ আমাৰ খবৰ লবলৈ আহিল। তেখেতে কথাই কথাই কলে “এতিয়া ৰথৰ সময়ত পুৰীত বৰ ভিৰ হব। আৰু ৰথৰ কেই দিনৰ কাৰণে যাত্ৰীয়ে পতি ৩।৪৲ টকা ঘৰৰ ভাৰা দিব লগা হব। কোন ঘৰত কিমান মানুহ থাকিত; কিমান ভাৰা হব সকলো