পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
শ্ৰীক্ষেত্ৰ
 

১৯। আমাৰ শ্ৰীক্ষেত্ৰ দৰ্শন।

 আজি ভালে মান দিনৰ পৰা শ্ৰীক্ষেত্ৰ দৰ্শন কৰিবৰ অভিলাষ, মন হলে ধন নহয়, ধন হলে মন নহয়। ধন আৰু মন হলে ও শৰীৰ সুস্থ নহয়। গতিকে নানা অসুবিধাৰ কাৰণে সহজে যাব পৰা নাছিলোঁ। ভগৱন্তৰ কৃপা হলে সকলো হয়। এইবাৰ আটাইখিনি সুবিধা সুযোগ মিলাত শ্ৰীক্ষেত্ৰলৈ যাবলৈ সঙ্কল্প কৰা হল। স্কুলৰ গ্ৰীষ্ম বন্ধৰ লগে লগে ৰাওনা হবলৈ স্থিৰ কৰা হল। লগত লৰা ছোৱালী পৰিবাৰ সকলো যাবলৈ ওলাল। বস্তু বাড়ি বান্ধি চিতি ভগৱন্তক চিন্তি আহাৰৰ তিনি তাৰিখ শনিবাৰে যাত্ৰাৰ দিন ঠিক কৰা হল।

 ঘৰৰ পৰা যাত্ৰা কৰি তিনি খোজ ওলালোঁ, এনেতে দবা পিতা বৰষুণ এজাক মাৰিলে; বৰষুণ অলপ এৰাত এখন মটৰ বাচত উঠি ৫॥ বজাত পাণ্ডু পাই আকৌ জাহাজেৰে আমিন গাওঁত উঠিলোঁ। ডাক গাড়ী যাবলৈ তেতিয়াও ৩ ঘণ্টামান সময় থকাত আমি আমিনগাওঁত ভাত পানী খোৱাৰ দিহা কৰিলোঁ। পিচে নিশা ৮ মান বজাত ডাক গাড়ীত উঠিলো। গাড়ীৰ দুৱাৰ বন্ধ কৰি বিছনা পত্ৰ পাৰি সকলোটি শুবলৈ যত্ন কৰিলোঁ। নিশা কোনো যাত্ৰীয়ে আমাৰ গাড়ীত দিগদাৰ নকৰিলে। এনেকি এটি প্ৰাণীও আমাৰ গাড়ীত নুঠিল। নিৰাপদে ৰাতি পুৱা ৬ বজাত পাৰ্ব্বতীপুৰ পালোঁ। ইয়াতে গাড়ী সলাই কলিকতালৈ যোৱ গাড়ীত উঠিলোঁ। এই ষ্টেচনত ভালেখিনি পৰ থকাত আমি