পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
শ্ৰীক্ষেত্ৰ।

আন পণ্ডাই টানা আজোৰ নকৰে। অসম পাণ্ডাৰ গোমস্তা ষ্টেচনত ৰৈ থাকে। নাম কোৱা মাত্ৰকে এওঁলোকে বন্দবস্ত কৰি নিজৰ বাহৰ ঘৰলৈ লৈ আহে। ঘোঁৰা গাড়ী, মটৰ গাড়ী, এক্কা, ৰিক্‌চা গৰু গাড়ী সকলো পোৱা যায়। যাৰ যেনে ইচ্ছা তেনেকৈ যাব পাৰে। ষ্টেচনৰ পৰা অসম পাণ্ডাৰ বাহৰ ঘৰলৈ ১॥৹ মাইল মান হব। খোজ কাঢ়ি যোৱাই ভাল। ইচ্ছা কৰিলে পাণ্ডাৰ বাহৰ ঘৰত থাকিবও পাৰে আৰু নিজে ঘৰ ভাৰা কৰিও থাকিব পাৰে। পাণ্ডাৰ সহায়ত সকলো সুবন্দৱস্ত কৰি লব পাৰি। একো কষ্ট নহয়। ভগৱন্তৰ কৃপা হলেই শ্ৰীক্ষেত্ৰলৈ যাব পাৰি।

 খৰচগুৱাহাটীৰ পৰা কলিকতালৈ তৃতীয় শ্ৰেণী ৰেলৰ ভাৰা—৭॥৴৩ আৰু হাৱৰাৰ পৰা পুৰীলৈ যাত্ৰীৰ গাড়ীত তৃতীয় শ্ৰেণীৰ ৫॥৶৹ আৰু ডাক গাড়ীৰ ৭৷৵১৫ পয়ছ৷ ভাৰা। মুঠতে যাত্ৰী গাড়ীত গলে অহা খোৱা ২৬॥৹ আনা আৰু ডাক গাড়ীত গলে অহা যোৱা ৰেল ভাৰা ৩০৲ টকা পৰে। আন আন গাড়ী ২।২৲ টকা। পুৰী পাই মহাপাত্ৰক পুৰোহিত বৰণ কৰা খৰচ ১৲ টকা আৰু মন্দিৰ দৰ্শন আদি ১৲ টকা তীৰ্থ দৰ্শন আৰু পিণ্ডাদি খৰচ ২৲ টকা। অৱশেষত আহিবৰ সময়ত পাণ্ডাৰ পৰা সুফল লোৱা খৰচ ২৲ টকা। (এই সুফল হৈছে মহাপাত্ৰৰ পৰা আশীৰ্ব্বাদ, মহাপ্ৰসাদ নিৰ্ম্মালি আদি গ্ৰহণ)। আতিকা বন্ধন নিজৰ ইচ্ছা। ইচ্ছা হলে কৰিবও পাৰে নকৰিও পাৰে পাণ্ডাই তাৰ বাবে জোৰ নকৰে। দেখা গল মুঠতে ৫০৲ টকা হাতত ললে মহা আনন্দে পুৰী ধাম দৰ্শন কৰি পৰম তৃপ্তি লাভ কৰিব পাৰি।