পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪ ৫
শ্রীক্ষেত্র।

কৰে। সাগৰৰ পানী লোনা, সেই দেখি সাগৰত গা ধুই আকৌ ভাল পানীৰে গা ধুব লাগে। নহলে গা লোণ লোণা হৈ থাকে।


১৭। পাণ্ডা।

 আন আন তীৰ্থ স্থানৰ দৰে ক্ষেত্ৰতো পাণ্ডা আছে। ভাৰতৰ ভিতৰত সকলো প্ৰদেশৰ পৰা শ্ৰীক্ষেত্ৰ দৰ্শন কৰিবলৈ যাত্ৰী আহে। যাত্ৰীৰ সুবিধাৰ কাৰণে পূৰ্ব্বৰপৰা প্ৰদেশ হিচাবে পাণ্ডা নিয়োগ কৰা আছে। বেলেগ বেলেগ প্ৰদেশৰ বেলেগ পাণ্ডা। মন্দিৰৰ চাৰিখন দুৱাৰৰ বাবে চাৰি ঘৰ প্ৰধান পাণ্ডা আছে। এওঁলোকক মহাপাত্ৰ কোৱা হয়। মহাপাত্ৰ সকলে বহুত গোমস্তা ৰাখি যাত্ৰীৰ সকলো সুবিধাৰ বিধান কৰে। আন আন প্ৰদেশৰ দৰে আমাৰ অসম প্ৰদেশৰে এঘৰ মহাপাত্ৰ আছে। ১৬০০ শকত অসমৰ ধাৰ্ম্মিক ৰজা ৰুদ্ৰসিংহ দেৱে শিৱশঙ্কৰ নামে এজন পাণ্ডাক পুৰোহিত বৰণ কৰে। তেতিয়াৰে পৰা আজিলৈ অসমৰ যাত্ৰীৰ বাবে এওঁৰ বংশধৰ সকলে অসম পাণ্ডা নামলৈ অসমৰ গৌৰৱ ৰক্ষা কৰি আছে। এওঁলোক ছিলঠ, মণিপুৰ আৰু নেপালৰা পাণ্ডা। অসম পাণ্ডাৰ দৰজা হৈছে পশ্চিম দৰজা পশ্চিম দৰজাৰ কাষতে এওঁলোকৰ বাহৰ ঘৰ আছে। এই বাহৰ ঘৰত যাত্ৰী সকলক ৰাখি সুবিধামতে সকলো কাৰ্য্য সমাপণ কৰায়। বৰ্ত্তমান এওঁলোকৰ বংশধৰ সকলৰ নাম তলত দিয়া হলঃ –