যেন লাগে। এই অসীম অনন্ত ৰূপেই ভগৱন্তৰ অনন্ত ৰূপ। সাগৰৰ নীল বৰ্ণ ই হৈছে ভগৱন্তৰ শ্যাম বৰ্ণ। এই কাৰণেই সাগৰ তীৰ্থ ৰাজ। সাগৰৰ ঢৌৰ হেন্দোলদোপ আৰু আস্ফালন দেখিলে মনত নতুন ভাৱ হয়। সূৰ্য্য অস্ত আৰু উদয় কালত যে কেনে মনোহৰ দৃশ্য হয় তাক বৰ্ণনা কৰাই টান। সূৰ্য্য দেৱে সাগৰৰ তলিৰ পৰা ডুব মাৰি ওলাই পৃথিবীত যেন পোহৰ বিলাইছে।
আকৌ অস্ত যাবৰ সময়ত সাগৰৰ কোলাত ঘঁহি যেন শয়ন কৰিছে। এনে দৃশ্য দেখি অতি কাঠ-চেতীয়া মানুহৰ মনতো আনন্দ ভাৱ উদয় নহৈ নাথাকে; সৃষ্টি কৰ্ত্তাৰ মহিমাৰ কথা মনত নকৰি নোৱাৰে। পূৰ্ণিমাৰ নিশা চন্দ্ৰৰ লগত সাগৰৰ যে কি মনোহৰ লীলা , হয় তাক নেদেখিলে প্ৰকাশ কৰিব নোৱাৰি। চন্দ্ৰৰ মোহিণী শক্তি বিভোলহৈ সাগৰ নাচি নাচি ওপৰলৈ উঠিব চেষ্টা কৰে। জোনৰ পোহৰ যিমানে পৰে সিমানে সাগৰৰ পানী বাঢ়ে, ফেনে ফুটুকাৰে ভৰি পৰে; ৰুপালি ফেনে চাঁন্দি পেলায়। আকৌ জোনেও যেন ঢৌৰ লগে লগে নাচিব ধৰে। এয়ে আকৰ্ষণী শক্তি। এই আকৰ্ষণী শক্তিয়েই হৈছে ভগৱন্তৰ প্ৰতি অনুৰাগৰ নিদৰ্শন। এনেকুৱা নিদৰ্শনত বহুভক্ত দ্ৰৱীভূত হৈ জীৱন সাৰ্থক কৰে।
সাগৰত স্নানঃ— সাগৰত স্নান কৰাও অতি আমোদজনক। ঢৌৰ চেঁৱে চেঁৱে নাচি নাচি গা ধুব লাগে। এক আঠু পানীত থিয় দিনেই একোটা প্ৰকাণ্ড ঢৌ আহি মূৰৰ ওপৰত ৮।১০ হাত ওখ হৈ উঠে। আকৌ সেই ঢৌ নামি গলে সেই এক আঠু পানীতে থকা যায়। ঢৌৰ খেলা দেখি মনৰ ৰঙত বহুতে ঢৌৰ লগত খেলা কৰে।