পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
শ্ৰীক্ষেত্ৰ।
 

 ১। ৺শ্ৰীকৃষ্ণ মহাপাত্ৰঃ—এওঁৰ পুত্ৰ শ্ৰীযুত লোকনাথ মহাপাত্ৰ আৰু শ্ৰীযুত জগন্নাথ মহাপাত্ৰ।

 ২। শ্ৰীযুত ভীমসেন মহাপাত্ৰঃ —এওঁৰ পুত্ৰ ৺সদাশিৱ মহাপাত্ৰ, ৺সদাশিৱ মহাপাত্ৰৰ পুত্ৰ শ্ৰীযুত বলভদ্ৰ মহাপাত্ৰ।

 ৩। শ্ৰীযুত বটকৃষ্ণ মহাপাত্ৰঃ —এওঁৰ পুত্ৰ শ্ৰীযুত শ্যামসুন্দৰ মহাপাত্ৰ আৰু শ্ৰীযুত বনমালী মহাপাত্ৰ।

 ৪। মাধব মহাপাত্ৰঃ —এওঁৰ পুত্ৰ শ্ৰীযুত বাসুদেৱ মহাপাত্ৰ। আৰু শ্ৰীযুত বাসুদেৱ মহাপাত্ৰৰ পুত্ৰ শ্ৰীযুত কাশীনাথ মহাপাত্ৰ আৰু শ্ৰীযুত বৈদ্যনাথ মহাপাত্ৰ। বৰ্ত্তমান কেউ ঘৰৰ হৈ শ্ৰীযুত বাসুদেৱ মহাপাত্ৰই সকলো কাৰ্য্য চলায়।

 সকলো কাৰবাৰ এওঁলোকৰ যৌথ কাৰবাৰ। সকলোটিয়ে মিলি জুলি মহাপাত্ৰৰ কাম চলাই গৌৰাৱান্ধিত হৈ আছে। ধনৰ প্ৰতি এওঁলোকৰ অক্ৰোশ নাই। যেয়ে যি দিয়ে তাতে সন্তুষ্ট। চৰণ পূজা অৰ্থাৎ পুৰোহিত বৰণ কৰোঁতে গাই পতি এটকা আৰু সুফল লওঁতে গাই পতি দুটকা দিলেই সন্তুষ্ট। অৱশ্যে কোনো- বাই ইচ্ছা কৰি ইয়াতকৈ সৰহ দিলেও নলওঁ নোবোলে। এওঁলোকে নিজৰ বাহৰ ঘৰত যাত্ৰী সকলক ৩ দিন মহাপ্ৰসাদ খুৱাই ৰাখে আৰু মন্দিৰ দৰ্শন স্পৰ্শন আদি ধৰ্ম্ম কাৰ্য্য সকলো সুচাৰুৰূপে সমাধা কৰি দিয়ে। এওঁলোকৰ আচাৰ ব্যৱহাৰ অতি মনোহৰ, নিৰহাঙ্কাৰী, অমায়িক অৰু সাধু স্বভাৱেই এওঁলোকৰ আচাৰ ব্যৱহাৰৰ ভূষণ।