পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
শ্ৰীক্ষেত্ৰ।

তাহানিখন যেনেকৈ হাজাৰ হাজাৰ গোপিনীৰ হৃদয় দ্ৰৱীভূত হৈ কৃষ্ণ ভাৱত মগ্ন হৈছিল, তেনেকৈ এই ৰথৰ সময়তো জগন্নাথ দৰ্শনৰ আশাত সকলো ৰাইজ মন্ত্ৰ মুগ্ধ হৈ ভাৱত গদ গদ হৈছে আৰু পৰম আনন্দ উপভোগ কৰিছে। এয়ে হৈছে মানৱ অন্তৰৰ প্ৰকৃত আত্ম প্ৰকাশৰ ভাৱ। দাপোনত যেনেকৈ নিজৰ প্ৰতিবিম্ব দেখি আত্ম প্ৰসাদ হয় তেনেকৈ এই ৰথৰ সময়ত জনসাধাৰণৰ মাজেৰে জগন্নাথৰ স্বৰূপত নিজৰ আত্ম পৰিচয় লাভ কৰি বহুতে শান্তি পায়। এয়ে হৈছে ৰথৰ সৌন্দৰ্য্য, ৰথৰ মাহাত্ম্য। শাস্ত্ৰমতে ৰথাৰোহণ জগন্নাথ দৰ্শন কৰিলে স্বৰ্গ লাভ হয়। বাস্তবিক কথাটি সঁচা। এই ৰথৰ দৃশ্যই হৃদয় আল্পুত আৰু আনন্দিত কৰি তোলে। অন্তৰত বিমল পৱিত্ৰ আনন্দ অনুভৱ কৰাই স্বৰ্গ লাভ।

 সকলো ঠিক ঠাক হোৱাৰ পাচত ৪।৫ হাজাৰ মানুহে নাৰিকলৰ মোটা ৰছিত ধৰি ৰথ টানিবলৈ আৰম্ভ কৰে। এই টানাৰ সময়ত জাতিৰ বিচাৰ নাই। এই ৰথৰ সময়ত অহিন্দু লোককো প্ৰসাদ দিয়াত বাধা নাই! প্ৰথমে বলৰামৰ ৰথ, তাৰ পাচত সুভদ্ৰাৰ ৰথ, শেষত জগন্নাথৰ নন্দঘোয টানি ঘুনুচা মণ্ডপৰ ওচৰত ৰাখে। সেই দিন নিশা তিনিয়ো জনা বিগ্ৰহ ৰথতে থাকে। পাচ দিনা আৰতি কৰি এজন এজনাকৈ নি ঘুনুচা মণ্ডপৰ বেদীৰ ওপৰত স্থাপন কৰা হয়। সাত দিনৰ পাচত আকৌ জগন্নাথক ৰথত তুলি মন্দিৰলৈ আনে। এয়ে উল্টা ৰথ। এই ৰথ যাত্ৰা দৰ্শন কৰিবলৈ পুৰী নগৰ মানুহে ভৰি পৰে। মানুহৰ ঘৰ, পাণ্ডাৰ ঘৰ সকলো ভৰি পৰে। বহুতে ঠাই না পাই গছৰ তলত বৃক্ষৰ তলত থাকে।