পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
শ্ৰীক্ষেত্ৰ

তিনিয়োখন সাৰি সোণৰ কলহৰ পানীৰে শুচি কৰে। ৰথ শোধনৰ পাচত লাড়ুভোগ নিবেদন কৰা হয়। ভোগ গ্ৰহণ কৰি জগন্নাথে কিছুপৰ বিশ্ৰাম লয়। এনে সময়তে সুবৰ্ণময় লক্ষ্মী দেবী আহি ৰথ তিনখন চকু ফুৰাই চায়। বিশেষকৈ নন্দঘোষখন ভালকৈ চায়। কি কি বাকচ আনিছে; কি কি বস্তু আনিছে সকলো চাই বিদায় লৈ আহে। লক্ষ্মী পৰিদৰ্শন কৰি বিদায় লৈ আহিলে জগন্নাথে আকৌ বিশ্ৰাম লয়। এই বিশ্ৰামৰ সময়ত বহুতে প্ৰভুৰ দৰ্শন আৰু স্পৰ্শন কৰিব চেষ্টা কৰে। বিশ্ৰামৰ পাচত ৪৷৫ হাজাৰ মানুহে এখন এখনকৈ ৰথ টানিবলৈ আৰম্ভ কৰে।

 ৰথ টানাৰ আগেয়ে ৰথ সজোৱা, বিগ্ৰহ তোলা, আৰতি কৰা আদি আৰম্ভন বোৰ কৰোঁতে পুবা ৬টা বজাৰ পৰা দুপৰীয়া ১॥টা ২টা বাজে। সমূহ ৰাইজে পুৱাৰ পৰা ১॥ বজালৈ একভাৱে, এক প্ৰাণে, একে তানে, কেৱল প্ৰভুৰ দৰ্শনৰ অভিলাষ কৰি ৰৈ থাকে। ৰথৰ সমুখৰ পৰা ঘুনুচা মণ্ডপলৈ প্ৰায় ১॥ মাইল বাট আৰু বাটতো বহলে এশ গজ মান হব। এই প্ৰসস্থ বাটত ৰথৰ সমুখ আৰু পাচৰ পৰা ঘুনুচা মণ্ডপলৈ কেৱল মানুহেৰে মূৰ দেখা যায়। অনুমান ৩০৷৪০ হাজাৰ ৰাইজ গোট খাইছে। কোনোৱে বহিছে, কোনোৱে থিয় হৈ আছে। কোনোৱে ক্লান্ত হৈ বাগৰি পৰিছে। কোনোৱে বিছিচে। কোনোৱে পানী মূৰত দিছে। ৰ’দ বৰষুণ বতাহ সকলোকে আওকান কৰি একান্ত মনে হাত যোৰ কৰি প্ৰভুৰ দৰ্শনৰ আকাঙ্ক্ষা কৰি ৰৈ আছে। এনে বিমল দৃশ্য দেখিলে মানৱ অন্তৰত ভগৱন্তৰ লীলাখেলা হোৱা যেন লাগে। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰ শুনি