পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
শ্ৰীক্ষেত্ৰ

একো খৰচ নাই। বালিৰে পিণ্ড দি তীৰ্থ-জলৰ পাৰত বালিৰ মন্দিৰ সাজি তৰ্পণ কৰিলেই হল।

৮। আতিকা বন্ধন।

 জগন্নাথ দেৱক ভোগ নিবেদন কৰি ব্ৰাহ্মণ, সজ্জন, সাধু, ভকত, গৃহী, সন্যাসী, সুখী, দুখী, দীন, দৰিদ্ৰ, সকলোকে অন্ন প্ৰসাদেৰে সন্তোষ কৰাই আতিকা বন্ধনৰ মুখ্য উদ্দেশ্য। এই আতিকা বন্ধনত ভোগৰ পৰিমাণ আৰু খৰচৰ নিৰিখ বান্ধা আছে। শক্তি অনুসাৰে যাত্ৰী সকলে আতিকা বন্ধন কাৰ্য্য কৰে। এই আতিকা বন্ধনৰ সময়ত মন্দিৰৰ ভিতৰত বৈকুণ্ঠ মণ্ডপত পাণ্ডা পঞ্চায়তৰ সাক্ষাতে নাম ধাম ৰেজেষ্টাৰী কৰি টকা দাখিল কৰি পকা ৰচিদ লোৱা হয়। পুৰুষ হলে তিনি পুৰুষৰ পৰা নাম ধাম লিখা হয় আৰু তিৰোতা হলে শহুৰ আৰু স্বামীৰ নাম ধাম সহ নিজৰ নাম লিখা হয়। পুৰুষানুক্ৰমে এই আতিকাবন্ধনৰ খৰচৰ পৰা প্ৰভু জগন্নাথত ভোগ নিবেদিত হৈ থাকে আৰু সৰ্ব্ব সাধাৰণক সত্ৰভোগৰ সময়ত মহাপ্ৰসাদ স্বৰূপে বিতৰণ কৰা হয়। এই আতিকা বন্ধনেই হৈছে দৰিদ্ৰ নাৰায়ণৰ পূজাৰ আদৰ্শ। অতিকম ৮৷৹ অনাৰপৰা আৰম্ভ কৰি ৫৬০০৲ টকালৈ আতিকা বন্ধনৰ নিয়ম আছে। তলত তাৰ নিৰিখ দিয়া হল :-

 ১৷ ৫৬০০৲ টকাইয়াত ৫৬ প্ৰকাৰ ভোগ দিয়া হয়।
 ২৷ ১৫৫০৲ টকা—মোহনভোগ দিয়া হয়।
 ৩৷ ৫৫০৲ টকা—ইয়াত মাল-পোৱা বা পুৰী ক্ষীৰ ভোগ

হয়।