পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
শ্ৰীক্ষেত্ৰ


 ৪। ৪০৪ টকা—মছলা দিয়া খেচুৰি অন্ন দিয়া হয়।
 ৫। ৩৬০ টকা—মছলা নোহোৱা খেচুৰি অন্ন হয়।
 ৬। ১৩২ টকা—অন্ন, ডালি, তৰকাৰী দিয়া হয়।
 ৭। ১০১ টকা—অন্ন ডালি তৰকাৰী দিয়া হয়।
 এই দৰে এবাৰ আতিকা বন্ধন কৰিলে জগন্নাথ মন্দিৰ থাকে মানে চিৰকাল নিতৌ ভোগ চলি থাকে।


৯। নবকলেবৰ।

 দাৰুব্ৰহ্ম জগন্নাথ মূৰ্ত্তিৰ প্ৰতি ১২ বছৰে এবাৰ কলেবৰ পৰিবৰ্ত্তন কৰা হয়। এতেকে প্ৰতি ১২ বছৰে জগন্নাথে নব কলেবৰ ধাৰণ কৰে। আন গছৰ ছাঁ নপৰা, চৰাই বাঁহ নোলোৱা, শঙ্খ, চক্ৰ, গদা পদ্ম চিন থকা নিমু গা-গছৰ পৰা জগন্নাথৰ মূৰ্ত্তি কাটি নতুন কলেবৰ কৰা হয়। এই নতুন মূৰ্ত্তিৰ ভিতৰত এটি চিদ্ৰেৰে ব্ৰহ্ম পদাৰ্থ বুলি এবিধ অতি পৱিত্ৰ বস্তু সুমুৱাই দিয়া হয়। পুৰণা মূৰ্ত্তি নমাই থৈ নতুন মূৰ্ত্তি স্থাপন কৰি প্ৰতিষ্ঠা কৰে। নতুন মূৰ্ত্তি প্ৰতিষ্ঠা কৰাৰ পাচত পুৰণা মূৰ্ত্তি শ্মশানত দাহ কৰা হয়। এই শ্মশান হৈছে মেঘনাদৰ ভিতৰত থকা মাধৱী মণ্ডপ।


১০। মহাতীৰ্থ।

 স্বয়ং ভগৱন্ত জগতৰ নাথৰূপে এই শ্ৰীক্ষেত্ৰত বিৰাজ কৰাৰ কাৰণে এই তীৰ্থৰ নাম জগন্নাথ তীৰ্থ হৈছে। আৰু কৃষ্ণ অৱতাৰত ভগৱন্তে পুৰীক্ষেত্ৰত আবিৰ্ভাৱ হয় জগন্নাথ নাম লৈ, সেই কাৰণে