পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
শ্ৰীক্ষেত্ৰ।

এই সময়ত দৌল মণ্ডপত উঠি জগন্নাথ দেৱ বিৰাজ কৰে। শ্ৰীক্ষেত্ৰত ৰথৰ সময়ত যি যি অনুষ্ঠান কৰে আমাৰ ইয়াত সেই সকলোবোৰ দৌলযাত্ৰাত হে কৰে। আমাৰ ইয়াত দৌলৰ সময়ত হে শ্ৰীকৃষ্ণ ঘুনুচাৰ ঘৰলৈ যায়।

 ৮। চ'ত মাহত অশোকাষ্টমী পৰ্ব্ব হয়। আমাৰ ইয়াতো হাজোৰ মনিকুট হয়গ্ৰীব মাধৱৰ আজ্ঞামালা লৈ চলন্তা মূৰ্ত্তি সোৱালকুছি গাওঁৰ ঘাটেদি মাধবৰ বিগ্ৰহে ব্ৰহ্মপুত্ৰত স্নান কৰে। সেই দিনা ব্ৰহ্মপুত্ৰৰ বালিত ডাঙৰ মেলা বহে।

৭। পঞ্চতীৰ্থ।

 শ্ৰীক্ষেত্ৰই মহাতীৰ্থ। এই মহাতীৰ্থৰ ভিতৰত পাঁচোটি প্ৰধান তীৰ্থ আছে। সেই পাঁচোটি তীৰ্থই পঞ্চতীৰ্থ। যেনেঃ-

 ১। মাৰ্কণ্ডেয় সাৰোবৰ, (২) অক্ষয়বট, (৩) ৰোহিণীকুণ্ড, (৪) ইন্দ্ৰদ্যুম্ন সৰোবৰ, (৫) তীৰ্থৰাজ মহাসাগৰ।

 এই তীৰ্থবিলাক দৰ্শন কৰি ইচ্ছা কৰিলে পূৰ্ব্ব পুৰুষ সকলক পিণ্ডও দিব পাৰি। পিণ্ডৰ খৰচ অতি সামান্য মাত্ৰ ১৷০ সিকি। পিণ্ড স্থানৰ বাবদ মূল্য৷৷৵৹ অনা পয়ছা চৰকাৰে লয়। বাকী পয়চা মহাপ্ৰসাদ, ফুল, তিল, তুলসী আৰু বামুনৰ দক্ষিণাৰ বাবে খৰচ হয়। এই পঞ্চতীৰ্থৰ বাহিৰে চক্ৰতীৰ্থ বুলি এটি শান্তি তীৰ্থ স্থান আছে। এই চক্ৰতীৰ্থ সাগৰৰ পাৰত। ইয়াত চন্দ্ৰ নাৰায়ণৰ মূৰ্ত্তি আছে। ইয়াতে পিণ্ড দিব পাৰি। ইয়াত পিণ্ড দিয়াত