সমললৈ যাওক

পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
শ্ৰীক্ষেপ।


আৰতিৰ সময়ত ঘিউৰ বন্তি,কৰ্পূৰ বন্তি আৰু পিঠা বন্তি জ্বলাই বৰ কাঁহ আৰু তেলেঙী বাদ্য বজোৱা হয়। মধ্যাহ্ন ভোগৰ সময়ত কেবল কাঁহ বজোৱা হয়।

৫। মহাপ্ৰসাদ।

 জগন্নাথক ভোগ নিবেদন কৰাৰ সময়ত প্ৰথমে তিনিখন থালত ঘিউ অন্ন তিনি জনা বিগ্ৰহৰ আগত নিবেদন কৰা হয়। বাকী অন্ন চৰুতে নিবেদন কৰা হয়।

 মহাপ্ৰসাদঃ- প্ৰভু জগন্নাথক নিবেদন কৰাৰ পাচত বাকী অৱশিষ্ট সকলো ভোগ মহাপ্ৰসাদ হয়। এই মহাপ্ৰসাদ শুদ্ধ পৱিত্ৰ আৰু সুগন্ধী। এই মহাপ্ৰসাদ কেতিয়াও অশুচি নহয়। চণ্ডালে ছোৱা প্ৰসাদো ব্ৰাহ্মণে গ্ৰহণ কৰিব পাৰে। মহাপ্ৰসাদক অশুচি বুলি ভাবা মহাপাপ। এই মহাপ্ৰসাদ গ্ৰহণ কৰাৰ একো নিয়ম-কাৰণ নাই। যেতিয়াই প্ৰসাদ হাতত পৰে তেতিয়াই গ্ৰহণ কৰিব লাগে। এই মহাপ্ৰসাদৰ মাহাত্ম্য বহুত। কীৰ্ত্তনৰ উৰেষা বৰ্ণনতেই তাৰ প্ৰমাণ পোৱা যায়।

 নিৰ্ম্মালিঃ- প্ৰভু জগন্নাথ দেৱৰ অঙ্গত লগোৱা ফুল, চন্দন, তিল, তুলসী, মালা, সূত্ৰ, বস্ত্ৰ সকলো নিৰ্ম্মালি। এই নিৰ্ম্মালি মূৰত লৈ, গলত পিন্ধি, গাত স্পৰ্শ কৰাই ভক্ত সকলে শান্তি লাভ কৰে।