পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
শ্ৰীক্ষেত্ৰ।

কৰা হয়। এই ভোগৰ খৰচ মহাপ্ৰভুৰ ভঁৰালৰ পৰা কৰা হয়। ৰজাৰ নিৰ্দ্ধাৰিত ভোগৰ বাহিৰেও মঠ, মন্দিৰ, সত্ৰ, পাণ্ডা, যাত্ৰীৰ সকলৰ আতিকা বন্দন আদিৰ পৰা পোৱা ভোগ আদিও দৈনিক লগোৱা হয়। এইবোৰ ভোগৰ একো নিৰাকৰণ নাই।

 ৰজাৰ লিষ্টি মতে দৈনিক ভোগৰ পৰিমাণঃ-

১। চাউল— ১॥৹মোণ
২। মুগুমাহ— ৴৪ সেৰ
৩। মাৰ্টিমাহ— ৸২ ”
৪। চাচি— ৴৯ ”
৫। ঘিউ— ১৴৩ ”
৬। গুড়— ৸৹ ”
৭। দুধ— ৴৭ ”
৮। দৈ— ৴১ ”
৯। সৰ- ৴১ ”
১০। মিঠি— ৵৹ছটাক
১১। জিৰা— ৶৹ ”
১২। কৰ্পূৰ— ৵৹ ”

   

১৩। চেনা- ৴৫ সেৰ
১৪। চুজি— ৴৹ছটাক
১৫। চন্দন কাঠ—।৵৹ অনা
১৬। নাৰিকল— ৮ গোট
১৭। ডাব— ৭ ”
১৮। ময়দা- ৴৮ সেৰ
১৯। জালুক— ৶৹ ছটাক
২০। আদা- ৴১ সেৰ
২১। লোণ- ৴৩ ”
২২। পিঠাগুৰি—১৴৪ ”
২৩। তামোল পান –॥৶৹ আঃ
২৪। টেঙা-তেতেলি, ঔ,
কৰদৈ আৰু সুমথিৰা।

 আৰতিৰ বস্তু —কৰ্পূৰ, ঘিউ আৰু পিঠা বন্তিৰে পৃথক পৃথক কৈ আৰতি কৰা হয়। ৰাজভোগ আৰু মধ্যাহ্ন ভোগৰ সময়ত কেৱল কৰ্পূৰ আৰু ঘিউৰ বন্তিৰে আৰতি কৰা হয়। সন্ধ্যা