পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
শ্ৰীক্ষেত্ৰ।


 চৰণামৃতঃ— প্ৰভু জগন্নাথৰ যেই সেই অঙ্গ বিশেষকৈ চৰণ ধৌত কৰি আনা জলেই চৰণামূত। এই চৰণামৃত মূৰতলৈ শান্তি পোৱা যায়।

৬। পৰ্ব্ব।

 জগন্নাথ মন্দিৰৰ ভিতৰত বাৰ মাহে পৰ্ব্ব লগাই আছে। তাৰে প্ৰধান প্ৰধান পৰ্ব্ব কেইটামান উল্লেখ কৰা হলঃ—

 ১। অক্ষয় তৃতীয়াঃ—এই অক্ষয় তৃতীয়াই চন্দন যাত্ৰা। বহাগ মাহৰ অক্ষয় তৃতীয়া তিথিত এই পৰ্ব্ব হয়। এই চন্দন যাত্ৰাৰ সময়ত জগন্নাথে মদনমোহন ৰূপ ধৰি চন্দন সৰোবৰত বিৰাজ কৰে। এই সময়ত চন্দন সৰোবৰৰ পাৰত মেলা বহে।

স্নানযাত্ৰা

 ২। স্নানযাত্ৰাঃ—জেঠ মাহৰ পূৰ্ণিমা তিথিত শ্ৰীক্ষেত্ৰত