পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 ২। পশ্চিমফালেঃ— লক্ষ্মী, ভদ্ৰকালী, নীল মাধৱ, ভুবনেশ্বৰী বা সত্যভামা। (ইয়াত সৰস্বতী ষষ্ঠী, সাবিত্ৰী, আৰু গায়ত্ৰী আছে )। ক্ষীৰ চোৰ গোপীনাথ, পিঠা ভজা ঘৰ, ভণ্ড গণেশ, সাক্ষী গোপাল, নন্দ, বেণী মাধৱ, বিমলা, দুৰ্গা, নৰসিংহ, বিশ্বকৰ্ম্মা।

 ৩। উত্তৰফালেঃ— পাতালেশ্বৰ মহাদেৱ, জগন্নাথ দেৱৰ পাদপদ্ম, চৈতন্য দেৱৰ পাদপদ্ম, ৰাধাকৃষ্ণ, সূৰ্য্য নাৰায়ণ, বদৰি নাৰায়ণ, শঙ্কৰ দেৱৰ পাদপদ্ম, নবগ্ৰহ, লক্ষ্মীৰ ৰান্ধনী ঘৰ, চৰণামৃত কুণ্ড, গণেশ, বামনদেৱ।

 ৪। দক্ষিণফালেঃ— ৰোহিণী কুণ্ড, ভূষণ্ডী কাক, জলক্ৰীড়া মণ্ডপ; একাদশী, নিশা নৰসিংহ, বৰাহ, কলি যুগ, ভেণ্ডা, নৰসিংহ, মূক্তি মণ্ডপ, ক্ষেত্ৰপাল, চন্দনপিহা ঘৰ, পানবীৰা ঘৰ, সূৰ্য্য পূজা মন্দিৰ, অনন্ত, কুটাম চণ্ডী, সিদ্ধ গণেশ, বট জগন্নাথ, হৰি সহদেৱ, অক্ষয় বট, বামনকুণ্ড, বট মঙ্গলা পঞ্চাশিব, বটকৃষ্ণ, সত্য নাৰায়ণ, মাৰ্জ্জনা মণ্ডপ, ইন্দ্ৰাণী আৰু দক্ষিণ ঘৰ।


ভোগ ঘৰ।

 প্ৰভু জগন্নাথদেৱৰ ভোগ ৰন্ধন ঘৰৰ ভিতৰখন সৰ্ব্বসাধাৰণৰ দৰ্শনীয় নহয়। কিন্তু ৰথৰ সময়ত জগন্নাথ যেতিয়া ঘুনুচাৰ মণ্ডপত থাকে তেতিয়া সামান্য মাছুল দি সকলো যাত্ৰীয়ে ভোগৰ চৌকা আদি চাব পাৰে। ভোগ ঘৰ এখন নহয়। ভোগৰ প্ৰকাৰ অনুসৰি বেলেগ বেলেগ ভোগ ঘৰ। অন্ন ভোগ, খিচৰি ভোগ, পিঠা ভোগ,