পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
শ্ৰীক্ষেত্ৰ।


চোতাল। দুয়োখন চোতাল শিলৰ পাতেৰে সুন্দৰকৈ গঁথা। ভিতৰ চোতালখন বাহিৰ চোতালতকৈ বহুগুণে ডাঙৰ। ভিতৰ চোতালত ৪।৫ হাজাৰ আৰু বাহিৰ চোতালত ২।৩ হাজাৰ মানুহ একে লগে বহি প্ৰসাদ লব পাৰে। দুয়োখন চোতালৰ চাৰিওফালে মূল মন্দিৰৰ ফালে মুখ দিয়াকৈ নানান দেৱদেৱীৰ সৰু সৰু মন্দিৰ আৰু ভক্ত সকলৰ স্মৃতি পাদপদ্ম আদি আছে।

বাহিৰ চোতালত থকা প্ৰধান প্ৰধান মন্দিৰঃ-
  পূৱফালেঃ— বিশ্বনাথ মহাদেৱ, পতিত পাৱন, সিদ্ধ হনুমান, স্নান মণ্ডপ, আনন্দ বাজাৰ, শিৱ, অন্নপূৰ্ণা, ভেট মণ্ডপ, চাহনি মণ্ডপ, আতাপিহা ঘৰ, পাকশালা, ভঁৰাল, গঙ্গা যমুনা কুৱা।

  ২। পশ্চিমফালেঃ— ধান গুড়, ঘিউ আদিৰ ভঁৰাল, হনুমান, ৰামেশ্বৰ মহাদেৱ পুৰাণশাল ( অৰ্থাৎ ব্যাসদেৱ শুকদেৱ, আৰু নৰসিংহ ) মালা গঁথা ঘৰ, ফুলনি, চক্ৰনাৰায়ণ, চন্দ্ৰশেখৰ মহাদেৱ আৰু দূৰ্গা মাধৱ ইত্যাদি।

  ৩। উত্তৰফালেঃ— শীতলা, উত্তৰায়ণী, সোণা জল কুৱা, লোকনাথ মহাদেৱ, ঈশানেশ্বৰ মহাদেৱ, বাল্য ভোগ ৰন্ধন ঘৰ, বৈকুণ্ঠ দাৰু ভাণ্ডাৰ, ফুলনি আৰু মাধবী লতা অৰ্থাৎ শ্মশান।

 ৪। দক্ষিণফালেঃ— নিৰ্ম্মাল্য খৰা, বাৰ ভাই হনুমান ইত্যাদি।

 ভিতৰ চোতালত থকা প্ৰধান প্ৰধান মন্দিৰঃ-
 ১। পূৱফালেঃ— অযাননাথ বা অগ্নেশ্বৰ মহাদেৱ আৰু সীতাৰাম।