সমললৈ যাওক

পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
শ্ৰীক্ষেত্ৰ।


লাৰু ভোগ, লুচি-মালপোৱা ভোগ আদিৰ বেলেগ বেলেগ ভোগ ঘৰ। মছলা পিহা, ময়দা মাৰা আদিৰৰ বেলেগ ঘৰ। সমুদায় ভোগ ঘৰত ৭০০টা চৌকা আছে। প্ৰত্যেক চৌকাত তিনি থাক কৰি ৯টা চৰুৰ থাক পাতে। জুই কেৱল এফালেৰে দিয়ে। চৰুৱে পতি চাউল পানী, দালি পানী, পাচলি পানী সকলো ওজন কৰি ভৰাই চৌকাত তুলি দিয়ে। সময় মতে দুৱাৰ খুলি ভোগ নমায় থয়। ভোগ ৰত্নবেদীৰ ওচৰলৈ নিওঁতে ভোগ নিয়া বিশেষ লোক সকলে নাকে মুখে কাপোৰ বান্ধি বুলনি ঘৰৰ ভিতৰেদি নিয়ে। এই ভোগ নিয়া বুলনি ঘৰ শিলেৰে গঁথা। ভোগৰ চৰু হাৰি, বাচন বৰ্ত্তন সকলো মাটিৰ। ধাতু পাত্ৰৰ ব্যৱহাৰ নাই।

 জগন্নাথ ষ্টেট বা মহল—জগন্নাথ মন্দিৰৰ অধীনত বহু ভূ-সম্পত্তি আছে। সেই সকলোবোৰ সম্পত্তি লৈ পুৰী ষ্টেট হৈছে। পুৰী ৰজাৰ আদেশ অনুসাৰে পাণ্ডা পঞ্চায়তে সকলে আয় ব্যয়ৰ হিচাব ৰাখে। এই ষ্টেটৰ বছৰি ৮৯ লক্ষমান টকা আয় হয়। আৰু আয় অনুপাতে খৰচো হয়।

৩। সেৱক।

 প্ৰভু জগন্নাথ দেৱৰ সেৱা পূজা আদি দৈনিক চলাবলৈ কিছুমান নিৰ্দ্ধাৰিত লোক আছে। সেই লোক সকলক সেৱক বোলা হয়। এই সেৱক পাণ্ডা, প্ৰতিহৰী, সুপকাৰ, আৰু দত্ত্যা হিচাবে চাৰি প্ৰকাৰ। ইয়াৰ বাহিৰেও চৰ্চ্চা, মালি, নৰ্ত্তকী,