পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শ্ৰীক্ষেত্ৰ।

 (৩) নাট মন্দিৰ বা জগমোহন মন্দিৰ—এই মন্দিৰত দেবদাসী সকলৰ নৃত্য, গীত, কীৰ্ত্তন আদি হয়। এই নাট মন্দিৰৰ শিলৰ পাত খোটা এটাত শ্ৰীশঙ্কৰ দেৱৰ হাতৰ আঙুলিৰ চিন আছে।

 (৪) ভোগ মন্দিৰ—এই মন্দিৰত সত্ৰভোগ বিতৰণ কৰা হয়। সৰ্ব্ব সাধাৰণৰ আতিকা বন্ধন ভোগ আৰু মঠাধিকাৰ সকলৰ ভোগ আদি এই মন্দিৰত জাতি নিৰ্ব্বিশেষে সকলোকে বিতৰণ কৰা হয়। সত্ৰ ভোগ বিতৰণৰ সময়ত মন্দিৰৰ ভিতৰত থকা যাত্ৰী, পাণ্ডা, সেৱক, গৃহী, সন্যাসী সকলোৱে অন্ন প্ৰসাদ ভক্ষণ কৰে। সেই কাৰণে এক সন্ধ্যা অন্নৰ কাৰণে জগন্নাথত কাৰো চিন্তা নাথাকে। এই ভোগ গ্ৰহণ দৃশ্যটি অতি মনোহ, দেখিলেই মন আনন্দত পুলকিত হয়।

 মেঘনাদ—জগন্নাথ মন্দিৰৰ চাৰিওফালে শিলেৰে গঁথা ১৬ হাত ওখ এটা প্ৰকাণ্ড গড় আছে। এই গড়কে মেঘনাদ কোৱা হয়। এই মেঘনাদ ৪৩৪ হাত দীঘল আৰু ৪২০ হাত বহল। মেঘনাদৰ চাৰিওফালে চাৰিখন দুৱাৰ আছে। পূৱফালে সিংহ দুৱাৰ; এই দুৱাৰৰ দুফালে দুটি সিংহ মূৰ্ত্তি। পশ্চিম দুৱাৰ বাঘ দুৱাৰ; ইয়াত দুটি বাঘৰ মূৰ্ত্তি। উত্তৰফালে হস্তি দুৱাৰ, দুফালে দুটি হাতীৰ মূৰ্ত্তি আৰু দক্ষিণ ফালে অশ্ব দুৱাৰ; দুফালে দুটি অশ্ব মূৰ্ত্তি। সিংহ দুৱাৰৰ সমুখত কৃষ্ণ পাথৰৰ ২২ হাত ওখ এটি সুন্দৰ অৰুণ স্তম্ভ আছে। মেঘনাদৰ ভিতৰত দুটা ভাগ

আছে। অন্তৰ্ভাগ আৰু বৰ্হিভাগ অৰ্থাৎ ভিতৰ চোতাল আৰু বাহিৰ