শবদ তুলি নিটাল বৃন্দাবন প্ৰতিধ্বনিত কৰিলে; কোনোৱে বা আকাশেদি উৰি যাৱা চৰাই ধৰিবলৈ বুলি উধাও হৈ উলটি মাটিত পৰি ধেমাণিত কিৰিলিয়াবলৈ ধৰিলে; কোনোৱে বাৰাজহাঁহৰ ঠগেৰে গহীনাই খোজকাৰি গম্ভীৰ হৈ দেখুৱালে; কোনোৱে বা গছত উঠি মিঠা বনফুল পাৰি আনি সবাহৰ সমলৰ লগত লগলগালেহি। কোনোৱে বা যমুনা নৈৰ কোবাল সোঁতত উটি গৈ সাঁতুৰি-নাদুৰি আকৌ পৰিত উঠিছেহি (১)। এনেতে, এজন বুজন গহীন গৰখীয়াই হতবাউল দি নাতি সকলোটিকে থুপ খুৱাই লৈ, এই প্ৰস্তাৰ কৰিলে যে, সেই বনৰ মাজত, সেই ৰখীয়া সবাহৰ উৎসৱত, সেই কদমৰ তলত, সিবিলাকৰ অতি চেনেহৰ নায়ক শ্ৰীকৃষ্ণক ৰজা, আৰু তেওঁৰ মৰমৰ ককাইদেৱাক বলৰাক মন্ত্ৰী পাতি লৈ সিবিলাকে প্ৰজাৰ আনন্দ উপভোগ কৰিব খোজে। প্ৰস্তাবটি উঠাত্ৰে সকলোৰে সম্মতিক্ৰমে হাতচাপৰি আৰু উচ্চৰৱৰ সমৰ্থনেৰে ততালিকে গৃহীত হল; আৰু শ্ৰীকৃষ্ণৰ “মোনেন সম্মতিলক্ষণ” লাভ কৰি, গৰখীয়াবৃন্দে ৰাম-কৃষ্ণৰ ঘৰুৱা সাজপাৰ সলাই থৈ, বন-লতা-পাত-ফুল আদি সমলেৰে দুইকো ৰজা মন্ত্ৰী সজাবলৈ ধৰিলে। আৰু সেই গৰখীয়াৰজা আৰু গৰখীয়া-মন্ত্ৰীৰ শিৰৰপৰা মৰা পাখি আৰু বগলীপাখিৰ চূড়া লগোৱা মুকুট সলাই বন-লতা-পাতেৰে সজা গৰখীয়া ৰাজমুকুট পিন্ধোৱা হল। তাৰ পাচত, গছৰ ডাল-পাত আদিৰে সৈতে সজা সিংহাসনত বহুৱাই বনমালী-গৰখীয়াৰজা পাতি সকলোটিয়ে ৰাজকীয় নিয়মে শ্ৰীকৃষ্ণ ওলগ ললে। সেই অৱধি সেই অপাহতে শ্ৰীকৃষ্ণৰ ন এটা নাম ‘বনমালী হয়। (১) প্ৰমত্তাগৱত পুৰাণৰ বহুল বৰ্ণনা মাথোন চমু চপাই ৰা হৈছে। আন- বিলাক পুৰাণ আৰু হবিংশত এই মনোৰ বৰ্ণনা নাই; যি আছে সি ভাগত সমলৰ সমানে সোজ এগৰ পৰা নাই।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৯৯
অৱয়ব