তৃতীয় ছেদ। বনমালী। ইতিমধ্যতে কৃষ্ণৰ সঙ্কেত অনুসৰি কৰ্ণধাৰ বলমে ৰন- শিঙাৰ (১) আদেশী গট, বজালে। সেই অনুসৰি ততালিকে গৰখীয়া- বুনে ৰামকৃষ্ণক কেন্দ্ৰ কৰি মণ্ডলাকাৰ হৈ থিয় দিলে। তাৰ পাচত, শিঙাধাৰী হলধৰক আগত লৈ, শ্ৰীকৃষ্ণই কদমৰ গাত পাক দিদি ঠেও ধৰি ধৰি বেণু বজায়; গৰখীয়াবৃন্দই তাৰ চেৱে চেৱে ঘুৰি ঘুৰি উলীকৃত হৈ গায় আৰু নাচে। এইদৰে ভালেমানপৰ আনন্দত উধাও হৈ নাচ-বাগ, কৰাৰ পাচত ৰাম-শিঙা আকৌ বাজি উঠিল, ততালিকে সেই গহীন বন নিজম পেলাই গীত-নাচব’জনা সামৰি আটাইটিয়ে ক্ষন্তেক নীৰলে থিয় দিলে। তাৰ পাচত, কৃষ্ণৰ সঙ্কেত অনুসৰি, গৰখীয়াবৃনে আপোন মনেৰে নানা তৰহৰ ৰং ধেমালি কৰিবলৈ ধৰিলে। কোনোৱে কৃষ্ণৰ মুৰুলীৰ সুৰত মলি চালি-ধৰা মৰা চৰাইৰ পিচে পিচে পাক দি নাচোন ধৰিলে; কোনোৱে বা বান্দৰৰ নেৰত ধৰি সিহঁতৰ দৰেই লক্ষিয়াই, জঁপিয়াই, গা খজুৱাই উমলিবলৈ ধৰিলে। কোনোৱে বা কুলিক সিয়াৰি নিয়াৰি তাৰ কণ্ঠেৰেই তাৰ সুৰেৰেই (১) এতিয়াৰ বিকুল (Bugle). (১) “পৰীতে বৎসপৈশায় ব্যথিতু। যমুনোৰনে কুজিলিবিলে। -মাগত, তৃতীয় ঋ, এখন জ্যা, ২৭ কে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৯৮
অৱয়ব