পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭১ ধেনুকাসুৰ বধ। শ্ৰীকৃষ্ণক ৰজা আৰু বলৰামক মন্ত্ৰী পাতি লৈ গৰখীয়াবৃন্দে সিবিলাকৰ ওচৰত নানা তৰহৰ গোচৰ আগবঢ়াই তাৰ সুবিচাৰৰ প্ৰাৰ্থনা কৰাৰ ভাও দিবলৈ ধৰিলে। সেই সময়ত, গৰখীয়া-আদালত আৰ্হিৰে কোনো গৰখীয়াই ৰজাৰ মুকুটৰ ওপৰত তালপাতৰ ৰাজছত্ৰ ধৰিলেহি, কোনোৱে কোটোৱালৰ বাৰ লৈ দুপাশে দণ্ডধাৰী হৈ থিয় দিলে; কোনোৱে বা দুৱৰীৰ ভাও, কোনোৱে বা প্ৰহৰীৰ ভাও কোনোৱে বা চাওডাঙ্গৰ ভাও ধৰিলে। তাৰ পাচত, ভি ভি অপৰাধীক বান্ধি আনি ৰজাৰ আগত থিয় কৰোৱা হল, আৰু গৰখীয়া-ৰজাই গম্ভীৰ মূৰ্তি ধৰি দোষীক সমুচিত দণ্ড বিহি প্ৰকৃতি-ৰাজৰ ভাও দিবলৈ ধৰিলে। ইত্যাদি নানা তৰহৰ ৰং-ধেমালিৰে সৈতে শ্ৰীকৃষ্ণৰ অভিষেক-দৰবাৰৰ কাৰ্য্য সমাপন কৰা হল। তুৰ্থ হেদ। ধেনুকাসুৰ বধ। যেতিয়া বেলি ভাটী দিলে, ৰদৰ তাপ পাতলি আছিল, তেতিয়া কৃষ্ণৰাজৰ সঙ্কেতমতে সবাহ উপলক্ষীয় গীত, নাচ, বাজনা আৰু বিবিধ ৰং-ধেমালি সামৰি ৰামকৃষ্ণ সমন্বিতে সকলোটি স্নান কৰিবৰ উদ্দেশে যমুনাত নামিল গৈ। আনৰ পাচত, আকৌ কদমৰ তলত সবাহৰ থলত • ব্ৰহ্মবৈবৰ্ত পুৰাণত বেনুকাবকে এল বুলিছে; ভাগৱত আৰু নৰোৰ পুৰাণে কিন্তু সেইটো সমৰ্থন নকৰে, আমিও নকৰে॥ কিনে, যেকাৰ পাৰ (গা) আকৃতি, কিন্তু মানৱ কৃতিৰ। এক বনমানুহৰৰলেখত ধৰিৰ পৰি।