চকুৰে দেখালৈকে পিচৰপৰা চাই চাই চাই থাকি অতৃপ্তদৃষ্টি ঘূৰাই ভিতৰলৈ মুখ কৰিলে। চাৰিআলি-মূৰ পাই, কৃষ্ণৰ সঙ্কেত মতে, ৰামে শিঙা বজাই দি লগৰীয়া গৰখীয়াবিলাকক আহ্বান কৰলে। শিঙাৰ সঙ্কেত পাই গৰখীয়া লৰাবিলাকে এহাতে এছাৰি, একানে কাষলতিৰ তলে সবাহৰ সমলৰ জোলোঙা বান্ধি লৈ আগত আপোন-আপোন গৰুজাকৰে সৈতে কেইপিনৰপৰা ওলাই আহি লগ লাগিলহি। তাৰ পাচত, আগত সানমিহলি গৰুজাক আৰু সেঁৱে-ৰাৰে-পিচে তিনি শাৰকৈ গৰখীয়াবিলাকক সজাই লৈ, গুৰি ধৰা নেতা শ্ৰীকৃষ্ণই মোহন বাহীত গা-তোলা মুৰ দিলে, লাশীলগা গৰখীয়াবুলে সেই সুৰতে সুৰ লগাই গীত গাই তাৰ চেৰে-চেৰে নাচি নাচি আগুৱাবলৈ ধৰিলে। গোপ- উপনিবেশৰ মাজেদি হিয়ানচুউৱা গীত-বাজনাৰে (১) সৈতে উপস্থিত হৈ নাচি-বাগি আগ বঢ়া শশাভাযাত্ৰা চাবলৈ উৰলীকৃত হৈ ওলাই আহি গোপগগাপিনী আৰু গোপিনীছোৱালীবিলাকে নালমুখত শাৰী পাতিলেহি, আৰু চকুৰ আঁৰ নোহোৱালৈকে ৰলাগি চাবলৈ ধৰিলে। তাৰ পচত, সেই ভাগেই গৰখীয়াদল যেতিয়া যমুনাপাৰৰ আনন্দ-উদ্যান ওলালগৈ, তেতিয়া তাতে গৰু-গাইবোৰ চৰিবলৈ মেলি দি, এজোপা প্ৰকাও কদম গছৰ তলত সবাহৰ সাজ-সমল গুপক থৈ, গৰখীয়াবুদ নেতা-কৃষ্ণৰ আদেশ-উপদেশ সাপেক্ষে ক্ষন্তেক নীলে থুখাই ৰল। ১) আজিকালিৰ বেৰাজৰ তাৰ নো যাক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৯৭
অৱয়ব