গৰখীয়া-সবাহ। গৰখীয়া ৰাইজৰ আনৰ অৰ্থে হে পতা হব; এতেকে, সেই উৎসৱৰ নিমিত্তে যি যি সাজ-সমল লগা হত, সেইবোৰ সিবিলাকে ৰাজহৰাকৈ পচা তুলি গোটাই লব লাগিব; কিয়নো, সেইটো ৰাজহুৱা সহ। সেই দেখি সবাহৰ দিনা গায়পতি যেয়ে যি পায়,-মাই, চাউল, পিঠা, দৈ, মাখন, গাখীৰ, বিউ-আদি সমল অনিন্দ-উদ্যানলৈ টোপোল বান্ধি লৈ যাব। গৰখীয়া-সবাহৰ নিৰ্ধাৰিত দিনৰ আগদিনা উপজিপুৱাতে উঠি শ্ৰীকৃষ্ণই যশোদা আইক জনালে যে, সবাহলৈ যাবলৈ তেওঁক সোনকালে সাজু কৰি দিব লাগে। সেই সঙ্কেতে ককায়েক ৰামেও মাক ৰোহিণী দেবীত সেই কথাকে জনালেগৈ। ঘোষণাত নিৰ্ধাৰিত সময় বুজি ৰোহিণ আৰু যশোদায়ো ৰামকৃষ্ণক উৎসৱৰ উপযোগীকৈ বিভূষিত কৰিবৰ মানসে আগণিনাই লাগতিয়াল সঁজুলী সজাই থৈছিল। পূৰা সেইমতে, কৃষ্ণই উকিউৱা মাত্ৰে, দুই মাকে দুই পুতেকক বিতোপনকৈ মনৰ জোখায় সজাবলৈ ধৰিলে। দুইকো দুয়ো ক্ৰমে নীল আৰু হালধীয়া বৰণৰ কাপোৰ পিন্ধাই কঁকালত মুকুতা আৰু বাখৰপতাই নকৰা টালি ৰজিতা খুৱাই আঁটি দি, হাতৰ ঠাৰিত আৰু বাউসিত বিবিধ ধুনীয়া ফুলৰ কলিৰে সৈতে গুথা ধুনীয়া লতাৰ খাৰু পিন্ধাই ভৰিত নেপুৰ বান্ধি দিলে; তৰপৰি, এটিক নীলা আৰু আনটিক হালধীয়া ধুনীয়া পাৰিদিয়া পিঠি-ঢাকা কাপোৰ গাঁটি মাৰি দি, দুইৰ হাতত ক্ৰমে শিঙা আৰু বাহী যতনাই দিয়া হল। সবাৰৰাপৰি, ৰামৰ শিৰত বগলী পাখিৰ আৰু কৃষ্ণৰ মূৰত মৰা পাথিৰ চূড়া-লগোৱা মুকুট পিন্ধাই দি, ৰোহিণী যশোদাই ৰাম-কৃষ্ণক সজোৱা কাম সমাপন কৰিলে। তাৰ পাচত, নন্দৰাজৰ গোহালিৰপৰা গৰু গাই, দমৰা-দামুৰি উলিয়াই আগত লৈ ৰাম-কৃষ্ণই আনন্দ-উদ্যানৰ ফালে খোজ ললে-ৰোহিণীখশোদাই
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৯৬
অৱয়ব