পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃন্দাবনবিহাৰীকৃষ্ণ। যুত ডেকাই তেওঁক সৰহকৈ বলীন কৰিছিল; আদহীয়াই সামাজিক আৰু ৰাজনীতিক আলােচনাত তেওঁক আগ ভাগ দিছিল; বুঢ়াই ধৰ্ম্ম-কৰ্ম আৰু ঈশ্বৰ-চিন্তাত তেওঁৰ আহি লৈছিল। সিবিলাকৰ মানত শ্রীকৃষ্ণ পৰম অনুপম আদর্শ। সেই দৰেই জীয়াৰী, বােৱাৰী, শাহ সবাৱৰে কৃষ্ণৰ প্রতি সমান প্রেম, সমান ভক্তি আৰু সমান আসক্তি। কাৰৰ একো স্বার্থ নাই, কিন্তু সকলােৱেই কৃষ্ণপ্ৰেমত মুগু, কৃষ্ণভক্তিত তন্ময়, আৰু কৃষ্ণ-আসক্তিত বিমোহিত -ই অমায়িক কৃষ্ণৰ স্বভাৱসিদ্ধ অময়াপ্রেম। এই প্রেমত মুগ্ধ হৈয়ে ব্ৰজৰ গােপগগাপিনী আৰু লৰা-ছােৱাণ উত্ৰাৱল ভাৱে শ্ৰীকৃষ্ণৰ সঙ্গত বৃন্দাবন-বিহাৰী হৈছিল। এই বিহাৰ-কালত যিবিলাক অদ্ভুত বা অলৌকিক বা অতিপ্রাকৃতিক কাৰ্য্য তেওঁৰ দ্বাৰাই সম্পাদিত হৈছিল, তাৰ বাবে বৃন্দাবনবাসীয়ে ভাৱে-ভঙ্গীয়ে শ্রীকৃষ্ণ ঈশ্বৰত্ব আৰােপ কৰিছিল; যদ্যপি তেওঁ নিজে তেনেকুৱা আখ্যাৰ ঘােৰ বিৰােধী আছিল। আক, কৃষ্ণ-বিৰােধী বাবেই সেই আন্তৰিক ভাব সিবিলাকে অন্তৰতে অতি সংগােপনে পুহিছিল, কাচিতে কৃষ্ণৰ সাক্ষাতে ব্যক্ত নকৰিছিল।