পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় মে।

গৰখীয়া-সবাহ। কবিৰ কল্পনা যেনে এটা প্ৰতিভাশীল আজন্ম বৃত্তি, শ্ৰীকৃষ্ণৰ ৰা নীতি-জ্ঞানে তেনে এটা আজন্ম প্ৰবৃত্তি। কবিৰ কল্পনাৰ প্ৰথম বিকাশস্থান প্ৰকৃতি; কৃষ্ণৰ ৰাজনীতি প্ৰচাৰৰ থও সেই একতি জীয়াৰী গৰখীয়াশালি। বৃন্দাবন বিহাৰ কৰাৰ কালতে শ্ৰীকৃষ্ণই প্ৰকৃতিৰ লগত তেওঁৰ সম্বন্ধৰ পৰাকাষ্ঠা দেখুৱাইছিল; আৰু সেই ছেগতে জনসাধাৰণক অসাধাৰণ ৰাজনীতিজ্ঞানৰ আভাস দিছিল। -একে গৰখীয়াই সেনা, একে গৰখীয়াই নেতা; একে গৰখীয়াই মন্ত্ৰী, একে গৰখীয়াই পাৰিষদ, একে গৰখীয়াই ৰজা, একে গৰখীয়াই প্ৰজা। সেই সেনা-প্ৰজা-পাৰিষদ লৈয়ে ঘাই নেতা বা গৰখীষা ৰজা শ্ৰীকৃষ্ণই বৃন্দাবনত সাধাৰণতন্ত্ৰ-প্ৰণালীৰে এখন বিতোপন প্ৰকৃতি ৰাজ্যৰ শাসন চলাইছিল। পৃথিবীত অদ্যপি তেনেকুবা এখন ওখ খাপৰ সাধাৰণ-তন্ত্ৰ শাসনপ্ৰণালীৰ অন্যতম অবতাৰণা হোৱা নাই। নেতাচূড়ামণি শ্ৰীকৃষ্ণই এদিন লগৰীয়া গৰখীয়া সেনা প্ৰজা-পাৰিষদ- বৰ্গৰ মনোৰজনাৰ্থে-এটি ৰাজহুৱা উৎসৱ পাতিবলৈ সঙ্কল্প কৰিলে। সেই উদ্দেশে ছেগ চাই এদিন যমুনা-পাৰৰ আনন্দ-উদ্যানত এখন গৰখীয়া-সবাহ পতা হব বুলি চৌদিশে ঘোষণা কৰা হল। ঘোষণা শুনা মাত্ৰকে কৌতুহলত কেইওফালৰপৰা গৰখীয়াবৃন্দ আহি আদেশ আৰু উপদেশ লবৰ উদ্দেশে কৃষ্ণৰ ওচৰ চাপিলহি। কৃষ্ণই অতি চেনেহেৰে সিবিলাকক এই উপদেশ দিলে যে, প্ৰস্তাবিত উৎসৱ