৭। আধ্যা।
- 00:-
বৃন্দাবনবিহাৰী কৃষ্ণ। প্ৰথম ছেদ। এইদৰে গোপাল কৃষ্ণই গোপ-গোপিনীক গীত-বাদ্যেৰে আকু কৰি, লগৰীয়া গৰখীয়া লৰা আৰু গোপিনী-ছোৱালীবৃন্দেৰ সৈতে লগ- লাগি বৃন্দাবন বিহাৰ কৰিবলৈ ধৰিলে। সেই বিহাৰতে শ্ৰীকৃষ্ণৰ বাল্য- লীলা বিকসিত হয়। সেই বাল্যলীলা লৈয়ে বৈষ্ণৱজগত আজি বিমোহিত। সেই বাল্য-লীলাৰ কাল শ্ৰীকৃষ্ণ-লীলাৰ সপ্তম বছৰৰ- পৰা চতুৰ্দশ বছৰলৈকে সাত বছৰ মাথোন। শ্ৰীকৃষ্ণ সৰুৰেপৰা বৰ অমায়িক লৰা আছিল। তেওঁ লৰ', ডেকা, আদহীয়', বুঢ়া সকলোৰে লগত সমানে মিলিব পাৰিছিল। কিয়নো, তেওঁ লৰাৰ লগত লৰা, ডেকাৰ লগত ডেকা, আদহীয়াৰ লগত আদহীয়া আৰু বুঢ়াৰ লগত বুঢ়া হব জানিছিল। লৰাই ৰংধেমালিত কৃষ্ণক সততে আটাইতকৈ ঘাই মানি লৈছিল। (১) হৰিবংশ, বিষ্ণুপৰ্ব, ৬৪ আধ্যা। (২) বিষ্ণুপুৰাণ, ৫ম খণ্ড, ৬ আধা। (৩) শ্ৰীমদ্ভাগবতমতে বৃন্দাবন কৃষ্ণ পঞ্চম আৰু একাদশ বছৰৰ ভিতৰত হে বয়। কিয়নো, নালয়ত শ্ৰীকৃষ্ণব বাস মুঠেই হে ১১ এঘাৰ বছৰ বোলা হৈছে। “তততা নন্দজমিতঃ পিত্ৰা কসামি বিভ্যতা। একাদশ সমস্তত্ৰ গুঢ়াৰ্ডিং সবলোহৰসৎ।” —মাগত, তৃতীয় কক, দ্বিতীয় আ্যা, ২৬ মোক