পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উলিয়াই দেখুৱাবলৈ আগ বাঢ়িলো; তৃতীয়ৰ সমিচাৰত কোৱা যায় যে, ইয়াৰ আংশিক উপাখ্যানছোৱাও আখ্যান?ছাৱৰ আনুসঙ্গিককৈ দেখুৱা যাব; চতুৰ্থৰ উত্তৰ কাট কোৱা যায় যে, তাৰ আদৰ্শ বিচাৰ কৰাৰ প্ৰয়োজন নাই, যিহেতু আখ্যান আৰু উপাখ্যানৰ স্বীকাৰ্য। তাক তেনেই সাবটি ধৰিছে; বিশেষতঃ, শ্ৰী কৃষ্ণ স্বয়ং জাতৰ আদৰ্শ। পৌৰাণিক হিন্দুসাহিত্যৰ ৰাশিৰাশি মূলগ্ৰন্থৰ ভিতৰত ঘাইকৈ মহাভাৰত, হৰিবংশ আৰু পুৰাণত কৃষ্ণ-আখ্যান আৰু কৃষ্ণ-উপাখ্যান বিপুল তথ্য পোৱা যায়, যদ্যপি কোনো এখনত ধাৰাবাহিকৰূপে কৃষ্ণ কাহিনী লিপিবদ্ধ হোৱা নাই। অৰ্থাৎ, মহাভাৰতত যি ছোৱ বিস্তাৰিতকৈ আছে, হৰিবংশ আৰু পুৰাণত সি সেই দৰে নাই; আৰু হৰিবংশ আৰু পুৰাণত যি ছোৱা সুবিস্তাৰিতভাৱে আছে, মহাভাৰতত সেই ছোৱা সমূলঞ্চে নাই। সি যি হওক, এই তিনিবিধ গ্ৰন্থ যে হিন্দুৰ পুৰাবৃত, বংশাৱী আৰু ইতিহাসৰ চিনাক দিয়ে তাত সন্দেহ নাই। মহাভাৰতক কুৰু-পাণ্ডৱৰ গাথা বুলিও আখ্যা দিয়া যায়। মহাভাৰত মুঠেই এখন। মূল-মহাভাৰত ২৪০০০ শ্লোকেৰে পূৰ্ণ। ইয়াক স্বৰূপাৰ্থত পুৰাবৃত, বা গাথা, বা কুৰু-পাণ্ডৱৰ বংশাৱলী বুলিলেও বুলিব পাৰি। গতিকে, ইয়াত কৃষ্ণকাহিনী সুকীয়াকৈ নাই। কৃষ্ণ-বান্ধৱ পাণ্ডৱৰ সংৰত মাথোন অৱসৰ আৰু আৱশ্যকতা বুজি কৃষ্ণকথা কথিত হৈছে। সেয়ে কুৰুক্ষেত্ৰ মহাৰণৰ সংস্ৰৱত বিশেষ, কিয়নো তাৰ গৰ্ত্ততে জগতৰ অপূৰ্ব্ব, অনুপম আৰু উচ্চতম ধৰ্ম্মসূত্ৰ ভগবান শ্ৰীকৃষ্ণৰ শ্ৰীমদ্ভগবদ্গীতা নিহিত ৰৈছে। মূল মহাভাৰত সেই কালৰ বিচক্ষণীয়া পুৰাতত্ত্ববিদ বিদগ্ধ পণ্ডিত মহামুনি কৃষ্ণদ্বৈপায়ণ বেদব্যাসৰ দ্বাৰাই প্ৰণীত। ব্যাসদেৱ শ্ৰীকৃষ্ণৰ প্ৰায়