পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপক্ৰমণিকা। 1 শ্ৰকৃষ্ণলৈ এই বুৰঞ্জী-পুথিৰ ভেঁটিত আসন পতাৰ আগেয়ে কৃষ্ণৰ অস্তিত্ব ঠাৱৰোৱাৰ প্ৰয়োজন হৈছে। কিয়নো, সেই অস্তিত্বত আস্থাহীন নানা ঋষিৰ নানা মত বিস্তৰ প্ৰচাৰিত হৈছে। সেই ঋষিবৰ্গ ঘাইকৈ তিনি শ্ৰেণীত বিভক্ত। এটা শ্ৰেণীয়ে সেই অস্তিত্ব মূলঞ্চে নামানে; আন এটা শ্ৰেণীয়ে তালৈ সন্দিগ্ধ চকুৰে চায়; আৰু আন এটা শ্ৰেণীয়ে সেই অস্তিত্বমূলৰপৰা গজা কৃষ্ণবৃক্ষৰ গজালিত অতিপ্ৰাকৃতিকতা, গা-গছত অলৌকিকতা আৰু ফুল-ফলত অনৈসৰ্গিক- তালৈ আঙ্গুণিয়াই এঙাই দেখুৱায়। কিন্তু, এই ত্ৰিবিধ মতৰ এবিধৰ সংস্ৰৱ থকা সমলেৰেও বুৰঞ্জীৰ ভেটি বান্ধিব পৰা নাযায়। এতেকে, সেই তিনিওবিধ মত বাদ দি, সত্যতথ্য আৰু প্ৰত্যক্ষ সমলেৰে গঢ়িত চতুৰ্থ শ্ৰেণীৰ এটা মত গঢ়িলা লৈ ৰব নোৱাৰিলে, শ্ৰীকৃষ্ণক বুৰঞ্জীৰ ভেটিত অসন দিয়াটো অসঙ্গত হয়। গতিকে, সেই অৰ্থে, পোন্ প্ৰথমতে আমি এই কেইটা প্ৰশ্নৰ উত্তৰ কি পাওঁহঁক তাক ফঁহিয়াই চোৱা যাওক :- (১) শ্ৰীকৃষ্ণ-চৰিত আখ্যান নে উপাখ্যান নে উপন্যাস? (২) আখ্যান যদি, তাৰ আঁতি-গুৰি ক’ত? (৩) উপাখ্যান যদি, তাৰ মূল ক’ত? (৪) উপন্যাস যদি, তাৰ আদৰ্শ কোন্? প্ৰথম প্ৰশ্নৰ উত্তৰত কৃষ্ণ-চৰিত আমি একে:আষাৰে আখ্যান বুলি ক; দ্বিতীয়ৰ সমিধানত আমি তলত কৃষ্ণাখ্যানৰ আঁতিগুৰি খানি