পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমসাময়িক শাস্ত্ৰকাৰ। এতেকে, মহাভাৰতত কথিত কৃষ্ণকথা প্ৰকৃত আখ্যান; সি ইতিহাসতকৈও স্বৰূপ, যিহেতু ইতিহাস তথ্যসংগ্ৰহ মাথোন, কিন্তু আখ্যান লেখকে দেখি-শুনি লিপিবদ্ধ কৰা ঘটনাসমষ্টি। এনেস্থলত, যি মহাভাৰতৰ আখ্যানমালা মানিব নোখোজে, সি শ্ৰীকৃষ্ণৰ অস্তিত্বও নামানিৰ পাৰে। আৰু যি কুৰুক্ষেত্ৰ মহাৰণক উপন্যাসৰ বুকত ঠাই দিব খোজে, সি কৃষ্ণকাহিনীকে। কল্পনাৰ পাখি পিন্ধাই উৰুৱাই পঠিয়াব পাৰে। কিন্তু, তৎপূৰ্বতে তেওঁ মহাভাৰতত কৃষ্ণ-আখ্যান লিখো কৃষ্ণদ্বৈপায়ণ দেব্যাসৰ অস্তিত্ব উৰুৱাই লব লাগিব। হৰিবংশও একেখন মাথোন। মহাভাৰতত যি ৰূপে কুৰু পাণ্ডৱৰ বংশাৱী আৰু কীৰ্তিকাহিনী লিপিবদ্ধ হৈছে, হৰিবংশত সেই দৰে শ্ৰীহৰিবংশৰ বংশাৱলী আৰু কীৰ্তিকলাপ সন্নিবিষ্ট হৈছে। কিন্তু, মহাভাৰত সবাতকৈ পুৰণি গ্ৰন্থ, বেদত বাজে ইয়াতকৈ পুৰণি গ্ৰন্থৰ সম্ভে পোৱা নাই এখোন। হৰিবংশ মহাভাৰতৰ ভালেমান বছৰৰ গাচত হে আৱশ্যক অনুসৰি প্ৰচাৰিত হৈছে। হৰিবংশত শ্ৰীকৃষ্ণৰ আদ্যলীলা ছোৱাৰ আদ্যেপান্ত আৰু মধ্যলীলা ছোৱাৰো আদ্যাংশ -বিস্তাৰিতকৈ বিবৃত হৈছে।কৃষ্ণ-কাহিনীৰ এই অংশ মহাভাৰতত নাই; তাৰপৰা এনেও অনুমান হয় যে, পূৰ্ববৰ্তী মহাভাৰতত নথকা সেই অংশ পূৰ্ণ কৰিবৰ অৰ্থে হৈ পৰবৰ্তী হৰিবংশ প্ৰচাৰিত হয়। কিন্তু, মহাভাৰতত কথিত কৃষ্ণকথা যে হৰিবংশত নাই এনে নহয়, মাথোন মহাভাৰতত নোহোৱা ছোৱাৰ সমান বিস্তাৰিত নহয়। পুৰাণ আদিতে এখন মাথোন। আখ্যান, উপাখ্যান, গাথা আৰু কল্পদ্ধিৰ তথ্যসংগ্ৰহৰ দ্বাৰাই পুৰাতত্ত্ববিৎ মহামুনি বেদব্যাসে এখন পুৰাণ-সংহিতা প্ৰণয়ণ কৰে। পাচত, সেই গ্ৰন্থ তেওঁ তেওঁৰ প্ৰিয়শিষ্য লোমহৰ্ষণক দান কৰে। লোমহৰ্ষণ বাসমুনিৰ এজন সুতকুলীয়া,