সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ber পদ কৰাৰ উদ্দেশে তেওঁ গৰখীয়া বৰবিলাকৰে সৈতে সোনকালে এটা সৈনিক দল গঠন কৰি তুলিলে। অকল সেয়ে নহয়; সময়ত অতি পৰাক্ৰমী শত্ৰুকো আক্ৰমণ কৰিব পৰাকৈ গৰখীয়াৰ লগতে বাছি বাছি ডেকা আৰু আদহীয়া গোপ সকলকো লগ লগাই লৈ সেই সৈনিক দল শকত-সবল কৰি তুলিলে। গৰখীয়া লৰাবিলাকক সৈন্য সাজি, ডেকা আৰু আদহীয়াবিলাকৰ মাজৰপৰা যোগ্যজনক সেনাপতি আৰু পালি-সেনাপতি পাতি, শ্ৰীকৃষ্ণই নিজৰ অগ্ৰজ বলৰামক ঘাই সেনাপতিৰ বাব দিয়ে। (১) গোপ-সৈনিক দল পৈণত হৈ উঠিলত, পোনপ্ৰথমতে কৃষ্ণই বৃন্দাবনৰ প্ৰতাপী শত্ৰু কালিয়ক আক্ৰমণ কৰিলেগৈ। ফলত, দুই পক্ষৰ মাজত এখন তোময়াকৈ যুঁজ লাগিল। কিন্তু, কৃষ্ণৰ নিজ কৌশল আৰু সুশিক্ষিত সৈনিক দলৰ পৰাক্ৰমৰ আগত কালিয়ই সৰহ পৰলৈ তম্ভিব নোৱাৰিলে। সি শেহান্তৰত পৰাজয় মানি বিজেতা কৃষ্ণত শৰণ মাগিলেহি। তাৰ পাচত, কালিয়ৰ ঘৈণীয়েকহঁতৰ আতুৰ অতিত তুষ্ট হৈ (২) শ্ৰীকৃষ্ণই কালিয়ক প্ৰাণে-মাথোন এৰি দি, বৃন্দাবনৰপৰা বাজ হৈ সাগৰৰ মাজত নিৰ্জন দ্বীপত (৩) বাস কৰিবলৈ আদেশ দিলে। (১) এয়ে মহাভাত। উদ্যোগ পৰ্বত উনুকিউ সস পুক সেনল'। (২) “অপাধঃ সৰ্বত্ৰ। সেচুবঃ স্বপ্ৰাকৃত ক্ষমহসি শান্তা মুঢ়স্য মিজানতঃ। অনুগৃহীঘ ভগবত্ প্ৰাণান্তাজতি পন্নগঃ। স্ত্ৰীণং নঃ সাধুশোচ্যানাং পতিপ্ৰাণঃ প্ৰদীয়” শ্ৰীমদ্ভাগত, ১০ম স্কন্স, ১৬ অধ্যা, ৪৭ শ্লোক। (৩) “নাত্ৰন্থেয়ংইয়৷ সৰ্প সমুদ্ৰং যাহি মা চিৎ। সজ্ঞাতপত্যদাৰাটো গোভিজতে নদী।” শ্ৰীমদ্ভাগৱত, ১০ম স্কন্ধ, ১৬ অধ্যা, ৫৩ মোক।