বনাগ্নি-পান। সেই অনুসৰি কালিয় ৰমণক দীপত (১) থিতাপিত হলগৈ। সেই দিনাৰ পৰা এটা অতি দুৰ্দান্ত বনৰজাৰ উৎপাতৰপৰা বৃন্দাবনবাসীয়ে নিস্তাৰ পালে (২)। সেই যুঁজত কালান্তক শত্ৰু কালিয়ৰ গৰাহৰপৰা কৃষ্ণক মুক্ত পাই ব্ৰজবাসীৰৰ আনন্দৰ সীমা নোহোৱা হল (৩। নিচেই সৰু এটি লৰা,-সাত বছৰীয়টি মাথোন। সেই লৰাৰ হাতত চস্ফল ডেকা প্ৰবল প্ৰতাপী দুৰ্জয় নাগপতি কালিয়ৰ পৰাজয়! এই অদ্ভুত কথাই গোটেই নাগৰাজ্যত বিস্ময় লগালে। লৰাৰপৰা বুঢ়ালৈকে, মতাৰপৰা মাইকীলৈকে সদৌ নাগ-নাগিনীয়ে এই অদ্ভুত লৰা শ্ৰীকৃষ্ণৰ অদ্ভুত কাৰ্য্য দেখি আচৰিত মানিলে। শেহন্তৰ, সিহঁতৰ ভিতৰৰ যিবিলাক কায়িৰ লগত লগৰী হৈ ওলাল, সেইবিলাক দেশ এৰি বিদেশলৈ গলগৈ; বাকীবিলাকে আতুৰ ভাৱে শ্ৰীকৃষ্ণত শৰণ কলেহি। “বনাগ্নি পান”।- -সেই দিনা কৃষ্ণ-কালিয় খুঁজৰ সামৰণিৰ লগে লগে বেলি মাৰ গল। সেই যুঁজত লিপ্ত সংসপ্তক সেনাদল আৰু নদ- যশোদা প্ৰমুখখ্য কৃষ্ণৰ বিপদ আশঙ্কাত ব্যাকুল হৈ যুঁজৰ স্থললৈ যোব' ব্ৰজবাসীসকল গোপ-উপনিবেশলৈ উলটিবলৈ আৰু সময় নহল। তাতে সাজ লাগিল। তাৰোপৰি, দিনটোৰ যুঁজৰ ভাগৰে ব্ৰজবাসী সংসপ্তক সেনানিক হেচি ধৰিলে। গতিকে, সেই ৰাতি তাতে জিৰাবৰ উদ্দেশে বাম-কৃষ্ণই কালিন্দীৰ পাৰত যথাসম্ভৱ সুবিধা কৰি দিয়াত, সেই ৰাতি তাতে পৰি সকলোটি টোপনি গল। এনেতে, কালিয়ৰ (১) “দ্বীপং ৰমণকং হি হ্ৰদমেতনুপাশিত। যায়াৎ স সুপৰ্ণাং নাদ্যাৎপাদলাঞ্ছিত।” -শ্ৰীমদ্ভাগৱত, ১০ম স্কন্ধ, ১৬ অধ্যা, ৫৬ শ্লোক। (২) হৰিবংশ, বিষ্ণুপৰ্ব, ৬৮ আধ্যা। (৩) বিষ্ণুপুৰাণ, ৫ম খণ্ড, ৭ম আধ॥
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮৬
অৱয়ব