Id • বন্ধুপ্ৰবৰ প্ৰত্নতত্ত্ববিদ পণ্ডিত ৩ হেমচন্দ্ৰ গোস্বামী। গতিকে “শ্ৰীকৃষ্ণ” বিনা-ভূমিকা-সাজেৰে বাজলৈ ওলাব লগিয়াত পৰিল। তাৰ বাবে যি ক্ৰটী ঘটে, তাক যেন ৰাইজে নিজগুণে মাৰ্জনা কৰে। শ্ৰীকৃষ্ণ” প্ৰণয়ণত পৌৰাণিক আৰু আধুনিক গ্ৰন্থাদি কিমান যে লুটিয়াব লগা হৈছিল, তাৰ লেখ দিবলৈকে টান, নাম লোৱাটো নিলগৰ কথা। গতিকে, তাৰ গ্ৰন্থকাৰ, প্ৰকাশক আৰু প্ৰবন্ধাদি লেখক সকলৰ সুকীয়া-সুকীয়াকৈ শলাগ লবলৈ গলে, এই ক্ষুদ্ৰ পাতনিত ঠাইৰ নাটনি পৰিব।' এতেকে, মূঠতে সেই সকলোৰে ওচৰত কৃতজ্ঞতা জনাই কোৱা যায় যে, সিবিলাকৰ গ্ৰন্থাদিৰ সহায় নোলোৱা হলে, তৰপে- ভৰপে ৰাশিৰাশি পুৰণি সাহিত্যখনি খানি তাৰপৰা অমূল্য তথ্যপুঞ্জ উলিয়াই লৈ তাৰে সৈতে জগতৰ অদ্বিতীয় আদৰ্শ চৰিত্ৰ “শ্ৰীকৃষ্ণ” আধুনিক সাহিত্য-সমলেৰে সজাই পোহৰলৈ উলিওৱাৰ সম্ভাৱনা নাছিল; পৰোক্ষে “শ্ৰীকৃষ্ণ” হাতত নোলোৱা হলে, সেই অগণন, অভগন, অতুলন হিন্দুশাস্ত্ৰৰাশিৰ যৎকিঞ্চিৎ সংসৰ্গ উপভোগ আৰু তাৰ সৌন্দৰ্য্য সন্দৰ্শনৰপৰা এই ক্ষুদ্ৰ জীৱন আজীৱন বঞ্চিত হলহেতেন। সমৰণত, এখনি ভক্তিভৰা শলাগৰ শৰাই আগবঢ়াই কোৱা যায় যে, আমাৰ নিজ আধ্যাত্মিক গুৰুদেৱ পৰম পূজনীয় শ্ৰীশ্ৰীযুক্ত হেমচন্দ্ৰদেৱ গোস্বামী আউনী আটী সত্ৰাধিকাৰ প্ৰভুৰ কৃপা-দৃষ্টি পৰা হলে, “শ্ৰীকৃষ্ণ” ইমান সোনকালে পোহৰলৈ ওলোৱাৰ সম্ভাৱনা নাছিল। ইতি তেজপুৰ, অসম। কৃষ্ণপাদ, শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা। ভাদ, জন্মাষ্টমী, ১৮৫২ সঁক।
- 0:-