পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। co আন-আন লৰাৰ নিচিনাকৈ পলাই-পত্ৰং নিদিয়ে। তেওঁ ফেৰ পাতি লৈ, শিঙ্গত ধৰি তেনেকুৱা বলবান থঙ্গল জন্তুকে বলেৰে হেঁচুকি ওভতাই পঠিয়ায়। গৰুৰ জাকত কেতিয়াবা বাঘ সোমালে লগৰীয়া গৰখীয়াৰ লগত চিয়ৰ-বাখৰ লগাই গৰখীয়া-কৃষ্ণ ভয়ত বিহ্বল নহয়, ননদনে হাতত টাঙ্গোন লৈ উলাহেৰে সেই বাংক টঙ্গনিয়াই মাৰিবলৈ খেদি হে যায়। যি জয়াৰ ঠাইলৈ জাক-লয়ো যাবলৈ শঙ্কা কৰে, নিৰ্ভয় যশোদাতনয়ে তেনেকুৱা ঠাইলৈ অকলে নিঃশঙ্ক মনেৰে আগ বাঢ়ি যায়। কৃষ্ণৰ সাহ চাই বুদ্ধি। গাৰ বলতকৈও কৃষ্ণৰ বুদ্ধিবল আচৰিত ধৰণেৰে চৰা। হঠাৎ শত্ৰুক জিনিবলৈ লগোৱা বাসুদেৱৰ উপস্থিত বুদ্ধি দেখিবিস্ময় মানিব লগীয়া হয়। বাঘ-ভালুক, মা-মেঠোন আদি পাশৰ বনৰীয়া শত্ৰুক দাবলৈ কৃষ্ণৰ যেনে তৎক্ষণীয় বুদ্ধি, মানৱ এক জিনিবলৈকো দৈৱকীনন্দনৰ তেনে ততালিক বুদ্ধি। কৃষ্ণৰ লৰাকালত গোকুল-বৃন্দাবনত বিবিধ বনৰীয়া জন্তুৰ লগৰীয়া কেইজতমান বনমানুহৰ বসতি আছিল। সেই বনমানুহৰ হাতত অলেখবৰ যশোদাভনয়ৰ অকাল-পতন হব লগীয়া হৈছিল; পিচে ততালিক বুদ্ধিৰ বলত নন্দনে অদ্ভুতভাৰ সিহঁতৰ গৰাহৰপৰা আত্মৰক্ষা কৰি তিষ্ঠিব পাৰিছিল। (১) বাস্তৱতে, চালুকীয়া কৃষ্ণত অতিৰ্ত্তি, অতি প্ৰীতি, অতিতুষ্টি, অতিবল, অতিবুদ্ধি, অতিসাহ, অতিধৈৰ্য, অতিদয়া, অতিমা, অতিম্নেহ, অতিপ্ৰেম, অতিবৃষ্টি, অতিভক্তি, অতি-আশা, অতি- আকাঙ্ক্ষা ইত্যাদি অতিচাৰ গুণাৱলী সন্নিবিষ্ট দেখি তেওঁৰ প্ৰতি অতি- (১) যথাঠাইত পাচেকৈ কালিয়দমন’, ‘প্ৰলম্ববধ প্ৰভৃতি ঘটনাৱলীয়ে এই বিষয় ডাঠি সমৰ্থন কৰিব। সম্প্ৰতি তাৰ আভাস মাথোন পোৱা গৈছে।