শিশু কৃষ্ণ। প্ৰাকৃতিক আৰু অলৌকিক ভাব মানৰ অন্তৰত অযাচিতে উদ্ভাসিত হয়। এতেকে, সেই ভাব নদ-যশোদা প্ৰমুখ্যে ব্ৰজবানীৰ অন্তৰত থিত, লোৱাটো নিচেই স্বাভাবিক। বিশেষকৈ, এই দৈৱকীনন্দন বাসুদেৱক ভাবী কংসাৰি বুলি যি সকলে আগৰেপৰা আভাস আৰু সন্তে পাই আহিছে, সি সকলৰ পক্ষে সেইভাব ততোধিক স্বাভাৱিক। কিন্তু, ব্ৰজবাসীয়ে কৃষ্ণৰ প্ৰতি বিস্ময়জনক সন্দিহান চকুৰে চায় যদিও, অন্তৰৰ ভাব ফুটাই কবলৈ সাহ নকৰে; কিনো নিজৰ গাত কোনো অলৌকিকতাৰ লক্ষণ ধৰা পৰা যেন দেখিলে, কৃষ্ণ বিনয়- নম্ৰতাৰ ভাপত জয় পৰি যায়! আন হাতে, কৃষ্ণক অকণমান মন- আমোলোৱ দেখিলেও গোপ গোপিনী আদি ব্ৰজবাসীৰ অন্তৰ আন্ধাৰ হৈ পৰে। গতিকে, সিবিলাকে অন্তৰৰ অলৌকিক ভাব অন্তৰতে পুহি, বাহিৰত স্বাভাবিক ভাব দেখুৱাই ফুৰে! তথাপি, নন্দ-যশেদ। প্ৰমুখ্যে ব্ৰজ গোপ-গোণিী সকলোৱেই, আলেঙে আলেঙে, কৃষ্ণ ম্ নোপোৰকৈ, সততে গোপনে তেওঁৰ গা-চোৱা হৈ সাবধানে চলিবলৈ ধৰিলে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭৮
অৱয়ব