পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ। 8b কৰ্তব্য আৰু কি হব পাৰে। মাক-বাপেকৰপৰা এই বিষয়ক উপদেশ পোৱাৰ দিন ধৰি গোকুলৰ লৰা-ছোৱালীবিলাক নিতৌ নিচেই পুৱাতে চাপি নন্দৰ চৰা ভৰি পৰেহি। লগৰীয়া লৰাছোৱালী অহাৰ গম্ পালেই কৃষ্ণই উলাহত ডেও দি কিৰিলি মাৰি উঠি লৰি ওলাই আহি সিবিলাকৰে সৈতে সাবটা-সাবট কৰি চেনেহ-চেনেহীকৈ আনন্দত উধাও হয়! তাৰ পাচত, আটাইটিকে লগত লৈ অমায়িক কৃষ্ণ উলীকৃত হৈ উমলিবলৈ ওলাই যায়। গোকুলৰ গোপিনীবৰ্গেও সততে চঞ্চল কৃষ্ণৰ প্ৰতি স্বভাৱতে অছে দৃষ্টি ৰাখে। কিয়নো, সিবিবলাকে চেনেহৰ কানাইক প্ৰেমৰ পুতলি যেন দেখে। কলিয়া কামুক পালে সিবিলাকে নিজৰ লৰা-ছোৱালীলৈকো পাহৰে। কৃষ্ণক চাবলৈকে গোপিনীসকলে ঘৰৰ বন-বাৰি এৰি আহি যশোদাৰ বুলনিত বহি থাকেহি। কৃষ্ণৰ বিষয়ে কথন-মথন কৰি সিবিলাকে পৰম প্ৰতি লাভ কৰে। কৃষ্ণৰ নামে গোচৰ দিয়াটোও সিবিলাকৰ মানত পৰম আনন্দৰ বিষয়। গোপিনীসকলে যশোদা-আইৰ আগত কৃষ্ণৰ নামে নিতেন-খন গোছ দিয়েছি, কিন্তু কেৱে তাৰ প্ৰতিকাৰ নিবিচাৰে। কৃষ্ণ দেখিবলৈকো ৰ ৰূপহ। তেওঁ থিয় দিয়াৰ ঠগ, তিনিীয়া। কৃষ্ণৰ পাৱৰ পটা দুখনি দুটি নীলপদুমৰ চকা যেন। কোমল কামু কৰঙন দুটি জুপি দলৰ পুলি যেন। কৰুণ-কানাইৰ ককালটি হৰৰ ডম্বৰ যেন। গোপাল-কৃষ্ণৰ নাজখাল হিয়াখনি মুনীয়া। কৃষ্ণ- গোবিন্দৰ হাতীশুড়ীয়া বাহদুটি আঁঠুলৈকে পৰা। নন্দনশনৰ বাৰে বেকা কণ্ঠটি শামুকীয়া শখ যেন। যশোদাতনয়ৰ ওঁঠ দুটি জেতুলিপকা যেন। বাসুদেৱৰ দাত দুপাৰি মকুতাৰ পাতি বেন। দৈৱকীসন্তানৰ নাকটি তিলফুল যেন। কৃষ্ণৰ চকুজুৰি পদুমৰ কলি যেন। তেওঁৰ ধেতিৰীয়া চেলাউৰিয়ে কাণসটা চুলেগৈ। যদুমণিৰ চমকীয়া