৪৭ চঞ্চল কৃষ্ণ। খিনিতে কৃষ্ণ, সেই খিনিতে কৃষ্ণ, সৌ খিনিত গৈ কৃষ্ণসতে-ততে কৃষ্ণ! এতিয়াই দেখিবা গোপালে গৰু-পোৱালিৰ নেগুৰত ধৰি ওলমি লৰি ফুৰিছে, পাকতে আকৌ দেখিবা কানাইয়ে লগৰীয়া লৰা- ছোৱালীৰ লগত ডেও দি উমলিব লাগিছে। এই মুহুৰ্তত দেখিবা কানুৰে হৰিণা-শেৱালি আগচিবলৈ চাপৰিত ঢপলিয়াই ফুৰিছে, পিচ মূহুৰ্ততে দেখিব গছৰ ডালে-ডালে বগাই সুৰে সুৰে পখীক সিঞাৰি কৃষ্ণই কিৰিলিয়াই ফুৰিছে; কেতিয়াবা হয়তো কলিয়াই ফুটুকি হৰিণ বুলি নাহৰফুটুকি বাঘৰ পিচ পিচে খেদি বনত সোমাইছেগৈ, কেতিয়াবা আকৌ কৃষ্ণই বৰ ওখ গছৰ আগলৈ উঠি যমুনাত জঁপিয়াই পৰি কোৱল সোঁতত উটি গৈছেগৈ। ইত্যাদি কৃষ্ণৰ উদ্দণ্ড লীলা- খেলাৰ সীমা-সংখ্যা নোহোৱাত পৰিল। কৃষ্ণৰ এনেবোৰ বিৰলা স্ফুৰ্তি আৰু অদ্ভুত আচৰণ দেখি নষশোদা চিন্তান্বিত হত, আৰু সেই বাবে সদৌ ব্ৰজবাসীৰ মনত শঙ্কা লাগি আহিল (১)। শেহান্তৰত সিবিতাকে সদৌৱে মিলি আলচ পাতি এই স্থিৰ কৰিলে যে, গাওঁৰ গৰখীষ। লৰাবিলাকে যাতে কাচিতে কৃষ্ণৰ লগ নেৰে, নাইবা কৃষ্ণই যাতে অকলশৰীয়াকৈ ফুৰিবলৈ ছেগ নাপায়, তাৰ দিহা লগাব লাগে। সেই অনুসৰি পাচলৈ গোকুলৰ লৰা-ছোৱালীবিলাকে কৃষ্ণৰ লগ সমূলি নেই হল। সিবিলাকে কৃষ্ণৰ গা-চোৱা লগৰীয়া হবলৈ সততে উৰুলীকৃত হৈ আহে। সেইবাব সিবিলাকে “একেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া” যেন হে পালে। যি গোপিনী ছোৱালীয়ে কৃষ্ণদৰ্শনত মোহ গৈ ঘৰৰ কাৰবলৈ পাহৰে, যি গৰখীয়া লৰাই কৃষ্ণৰ লগত উমলিবলৈ পালে গৰু চৰাবলৈ পাহৰে, সেই ছোৱালী আৰু সেই লৰাৰ মানত কৃষ্ণৰ গা-চোৱা বাবৰ সমান ঐতিকৰ (১) বিষ্ণুপুৰাণ, পঞ্চম খণ্ড, ম আখ্যা
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭৪
অৱয়ব