৪৪ ধৰি লৈ অলপ টানমুখীয়াকৈ এই বুলি সুধিলেগৈ, “অথিৰ লৰা, তই মাটি খাইছিলি হয় নে?” ভয়ত ভেবালাগি কালো কালো হৈ কৃষ্ণই উত্তৰ দিলে,“নাই, মই মাটি খোৱা নাই, আই! সিহঁতে মিছাকৈয়ে লগাই দিছেহি”। যশোদাই কলে, “বাৰু, ইবোৰক নপতিয়ালেও ককায়েৰ বলৰামক নপতিয়াম কিয়?” সেই কথাত কৃষ্ণই আকৌ এই বুলি উত্তৰ কটিলে, “বাৰু, মোক নপতিওৱ। যদি, মুখ মেলি দিওঁ চোৱা”। এই বুলি কৃষ্ণই আঁ কৰি মুখ মেলি দেখুৱালে। যশোদাই কিন্তু কিবাহে দেখিলে!দেখি বিস্ময় মানিলে যে, লৰাৰ মুখত মাটি নাই, কিন্তু অন্তৰত গোটেই পৃথিবীখন!—বিশ্বব্ৰহ্মাণ্ডখন! (১) মায়াত মোহ গৈ যশোদাই কৃষ্ণত এনেকুৱা অলৌকিকতা সততে দেখে! এদিন কোনো সকাম উপলক্ষত ঘৰুৱা আলপৈচান ধৰা গোপিনীবৰ্গ আন-আন কাম-বনত লাগি থকা হেতুকে, নদপত্নী যশোদাই প্ৰাণপ্ৰতিম পুত্ৰ কৃষ্ণৰ ভোজনৰ অৰ্থে স্বয়ং দধিমন্থন কাম আৰম্ভ কৰিলে গৈ। যশোদাই যেতিয়া আঁচলেৰে মেঠনি মাৰি লৈ, আপোনা-আপুনি গুণগুণকৈ কৃষ্ণগীত গাই গাই দধিমন্থন কৰিছিল, তেতিয়া তেওঁ কিযে শুৱনী আৰু মোহিনীৰূপ ধৰিছিল! মন্থনজৰী সঘনে টনা-টো কৰোঁতে তেওঁৰ হাতৰ মুঠিখাৰু ৰুজুনুককৈ বাজি উঠি, আৰু কাণৰ কঁৰীয়া চিপে- চিপে কঁপিবলৈ ধৰি সেই মনমোহ ৰূপৰ জেউতি চৰাইছিল; ইহাতে সিহাতে ঘিটমিটকৈ লৰি ফুৰা কৃষ্ণাইৰ কান্দোন মাজে মাজে শুনি সন্তানৰ মেহত ঘনে ঘনে যশোদাৰ পয়োধৰ পয়োভৰ হৈ ফিনখাই উঠি জগতক পিপাসিত কৰি তুলিছিল মহুনৰ শ্ৰমত জৰি জৰি বিৰিঙ্গি উঠা কপালৰ বিন্দু বিন্দু ঘাম ঘশোদাৰ পদুমৰ চকা যেন দুখনি গালেদি বৈ পৰি অনুপম শোভ ধৰিছিল। মন্থন লাচে-লাচে নাচি যশোদাৰ (১) মাগৱত, দশম স্কন্ধ, ম আধ্যা,২৬–৩৩ োক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭১
অৱয়ব