শিও কৃষ্ণ। পৰা, উল আদি যোৰা দি তাৰ ওপৰত উঠি ভাণ্ড নমাই আনি তৃপ্তি পলুৱাই ভোজন কৰি গুচি যায়; আৰু পীৰা-উলাদি যোৰা দি উঠিও যদি ধুকি নাপায়, তেন্তে কৃষ্ণই ভাণ্ডৰ তলিয়েদি ফুটা দি লৈ তাৰপৰা বৈ পৰা গাখীৰ, দৈ, ক্ষীৰ আদি মুখ পাতি খাই তুষ্ট হৈ ওলাই গুচি যায়। গোপিনীবৰ্গে তত নাপাই যোদাৰ ওচৰত গোচৰ দিয়েগৈ; কৃষ্ণৰ ওপৰত দিনে-দহখন এনেকুৱা গোপিনী-গোচৰ যশোদাই সুধিৰ লগাত পৰে। কেতিয়াবা গোপিনীবৰ্গে কৃষ্ণক শুনাই নাই তেওঁৰ উদ্ভণ্ডালিৰ কথা মাকৰ আগত কয়গৈ; কৃষ্ণই ওচৰিয়ানী গোপিনীৰ চকুলৈ টলটল কৈ চাই মকৈ মাকৰ পিয়াহ পিবলৈ ধৰে। যশোদাই সেই বাবে নিজৰ পুত্ৰক এটি টান কথা কোৱাও নিলগতে থাওক, আনন্দ-অধী হৈ তেওঁ কৃষ্ণৰ মুখলৈ চাই চাই মিচিকি মিচিকি হাঁহে! (১) কৃষ্ণৰ নামে গোপিনীবৰ্গৰ গোচৰ শুনি শুনি যশোদাৰ আমনি লাগিল। নিৰুপায় হৈ, পাচলৈ তেওঁ কৃষ্ণক ৰখীয়া দিবলৈ ধৰিলে। সেই অৰ্থে, তেওঁ অগ্ৰজ বলৰাম আৰু আন-আন গোপলবিলাকক কৃষ্ণৰ লগত উমলিবলৈ দিহা লগাই দিলে। সেই লগৰীয়াবিলাকে লগ নেৰ। গতিকে, কৃষ্ণই আগৰ দৰে মুকলিমূৰীয়া হৈ গাখীৰ, দৈ, মাখন, মিঠৈ আদি চুৰকৈ খাবলৈ ছেগ নোপোৱা হল। সেইবাবে খং কৰি কৃষ্ণই এদিন মোকোৰা-মোকোৰে মাটিকে খাবলৈ ধৰিলে। লগৰীয়া লৰাহঁতৰে সৈতে বলমে লৰি আহি ফোঁপাই জোপাই ততাতৈয়াকৈ এই বুলি যশোদাক গোচৰ দিলেহি, “আই! তোমাৰ গোপালে মাটি খাইছে।” (২)। গোচৰ শুনি যশোদাই ততালিকে গৈ কৃষ্ণক হাতত (১) মতাগবত, দশম স্কন্ধ, ৮ম আখ্যা, ১৯—২২ লোক। (২) “একদা ক্ৰীড়মানাতে ৰামাদা গোপালকা। কৃষ্ণো মৃদং ভগিনিতি মাত্ৰে বেদয়।” শ্ৰীমদ্ভাগবত, দশম স্কন্ধ, ম আখ্যা, ২৩ লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭০
অৱয়ব