পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৫ দধিমন্থন। নেবেৰী-খোপাৰপৰা মালতী ফুলৰ পাহি উৰি উৰ সৰি সৰি পৰি মন্থন- শালৰ শোভা বঢ়াইছিল। এনে মনোহৰ ৰূপ-লাৱৰ মাজত কোনোবা- ফালৰপৰা লৰি আহি ভম কৰে কৃষ্ণই যশোদাৰ কাষ চাপিলেহি, সেই অনুপম ৰূপলীলাৰ জেউতি চতুগুণে চৰি উঠিল। যশোদাই আবেগপূৰ্ণ হেঁপাহেৰে আথেবেথে কোলাত তুলি লৈবুকৰ মেঠনি মেলি দি কৃষ্ণাইক স্তনপান কৰাবলৈ ধৰিলে। এনেতে, সিফালে আখাত তুলি দি অহা গাখীৰ উতলি বাগৰি পৰিবলৈ ধৰিলে; যশোদাই ঠাইতে কৃষ্ণক কোলাৰ- পৰা নমাই থৈ ততাতৈয়াকৈ লৰি গৈ আখাৰ কাষ চাপিলগৈ। ইফালে আধাপীয়া হৈ খং কৰি শিলগুটীৰে খুন্দিয়াই মন্থনৰ ভাণ্ড ভাঙ্গি কৃষ্ণই আধামথা দৈবোৰ ভাণ্ডৰ পৰা নি, এটা ওভতাই থোৱা উৰালৰ ওপৰত বাদৰ বহাদি বহি লৈ আঁজলিয়ে-আঁজলিয়ে খাবলৈ ধৰিলে। যশোদাই ওলাই আহি দেখেহি দেখোন সৰ্বনাশ! মাকক বিচুত্তি হোৱা দেখি ভয়ত কৃষ্ণই তাৰপৰা পলাই লৰ মাৰিলে; যশোদাই হাতত এচাৰি লৈ পিচে পিচে খেদি নিলে (১)। তাৰ পাচত, কৃষ্ণক ধৰি আনি মাকে এইবাৰ উৰাল এটাত বান্ধি থবলৈ মন কৰিলে। পিছে, সেই অৰ্থে যশোদাই মনৰ উগুলগুগুলত ৰচাকে বিচাৰি নাপায়; যিবা দুডাল- মান বিচাৰি আনে সিও চুতি হয়! শেহান্তৰত কেইবাড়ালে পঘা জোৰা দিলৈ দামুৰি এৰাল দিয়াদি কৃষ্ণক এটা উৰালত বান্ধি থৈ যশোদা ক্ষন্তেকলৈ আকৌ ভিতৰ সোমাল (২)। ইতি-ছেগতে ইফালে উৰালে সৈতে কৃষ্ণই পলাই লৰ মৰিছিল, (১) শ্ৰীমদ্ভাগৱতে, দশম স্কন্ধ, ১ম আধ্যা, ১৫ কে। (২) সেই আপাহতে কৃষ্ণক দামোদৰ বোল যায়। আৰু “মন” শব্দই গৰুৰ পথাকো বুজায়; এতেকে পঘাৰে সৈতে বা হৈছিল বুলিও কৃষ্ণৰ আন এটা নাম দামোদৰ হয়।