০২ গোপিনীবৰ্গে “দিগদিগদিগ গাই-কলিয়া” বুলি টিলিকিয়ায়, ৰাম- কৃষ্ণই উলাহত উলীকৃত হৈ থিয়দা দি আকৌ থপৰাই পৰি ভেক- ভৈক্কৈ হাঁহিবলৈ ধৰে। চাই চাই চাই ৰোহিণী-যশোদাৰ প্ৰাণত তৃপ্তি নপলায়,নন্দৰ মনত আনন্দে নধৰা হয়, গোপিনীবৰ্গৰ হিয়াত উলাহ উপচি পৰে। ৰাম-কৃষ্ণ খোজ লব পৰা হল, ঘিটিকে লৰি ফুৰিব পৰা হল। এতিয়াহে কৃষ্ণক চম্ভালিবলৈ টান হল। লৰি ফুৰিব পৰাটি হোৱাত এইখিনিতে কৃষ্ণ, সেইখিনিতে কৃষ্ণ, সৌখিনিত গৈ কৃষ্ণ; একেঠাইতে এক্ষন্তেকলৈকো কৃষ্ণক পোৱা টান হল, চঞ্চলা চপলাৰ দৰে চঞ্চল কৃষ্ণ ঠাইতে ওলায়, ঠাইতে লুকায়। “ধৰ ধৰ কলিয়া কলৈ পলায়” বুলি গোপিনীসকলে চাপৰি ধৰে, কৃষ্ণই উফৰি উফৰি লৰিবলৈ ধৰে। স্বতন্তৰীয়াকৈ ফুৰিব পৰা হবৰপৰা যে ঘৰে ঘৰে কৃষ্ণ হল। ইঘৰত কৃষ্ণ, সিঘৰত কৃষ্ণ, সৌঘৰত কৃষ্ণ; ক্ষন্তেকৰ ভিতৰতে কৃষ্ণই কেইও- ঘৰ মাৰি ফুৰে সেই আপাহতে তেওঁক উমৈহতীয়া কৃষ্ণ বোলা যায়। সি যি হওক, এইদৰে আপোন মনেৰে ইঘৰ-সিঘৰকৈ ফুৰিব পৰাৰ ফলস্বৰূপ আৰুৱা কৃষ্ণৰ প্ৰতাপত পিনীবৰ্গৰ ৰ্তি-শান্তি নোহোৱাত পৰিল। কৃষ্ণই চোৰৰ দৰে চুবুৰীয়াৰ ঘৰৰ ভিতৰত সোমাই যাবে-তাৰে গাখীৰ, দৈ, মাখন, নৱনী, পায়স, মিঠৈ আদি চুৰকৈ খাই ফুৰে; খাই খাই খাব নোৱাৰা হলে, আদিকাখিনি উলিয়াই নি বাৰক খুৱাগৈ; বান্দৰে নাখালে তাৰ খং দৈ ঘিউৰ ভাণ্ড আদিত সাৰেগৈ। চুৰ কৰিবলৈ গৈ যদি কাৰোবাৰ ঘৰত একো নাপায়, তেন্তে সেই ঘৰৰ শুই থকা কেঁচুৱাক জগোৱাই দি কন্দুৱাই পলাই লৰ মাৰে। আৰু আচৰিত এই হে যে, কাৰ ঘৰত কত কি থাকে, কৃষ্ণই উমানতে জানে। কৃষ্ণই ঢুকি নোপোৱাকৈ কোনো গোপিনীয়ে যেতিয়া দৈ, মাখন, মিথৈ আদি ওপৰচাঙত তুলি লুকুৰাই থয়, তেতিয়া কৃষ্ণই
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬৯
অৱয়ব