পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি। ‘কৃষ্ণান্তু ভগবান স্বয়ং”। সেই ভগবান শ্ৰীকৃষ্ণক বুৰঞ্জীৰ ভেটিত আসন দিয়াই এই “শ্ৰীকৃষ্ণ"ৰ মুখ্য উদ্দেশ্য। ভগবানৰ চৰিত্ৰ কাহিনী নানা গ্ৰন্থত নানা অংশত নানা ভাৱে নিহিত ৰৈছে; সেই অংশৰাশি সঙ্কলিত কৰি পুঞ্জাকাৰকৈ প্ৰচাৰ কৰ। শ্ৰীকৃষ্ণ”ৰ দ্বিতীয় উদ্দেশ্য। কৃষ্ণস্থিতি সম্বন্ধে আজিকালি ভাৰতীয় আৰু ইউৰোপায় আধুনিক পণ্ডিতসকলৰ মাজত “নানা ঋষিৰ নানা মত”; পণ্ডিত মেক্সমূলাৰ প্ৰমুখ্যে জনদিয়েক পাশ্চাত্য পণ্ডিতে কৃষ্ণ-চৰিত কাল্পনিক, নাইবা অন্ততঃ আধ্যাত্মিক চিন্তাদৰ্শ বুলি হে মন্তব্য দিয়ে। বিগত সাহিত্যক্ষেত্ৰৰ সেই বিদগ্ধ পণ্ডিতমণ্ডলীৰ মন্তব্যৰ ওপৰত মন্তব্য দিবলৈ যোৱাটো আমাৰ পক্ষে ধৃষ্টতাৰ চিনাকি মাথোন। তথাপি, সিবিলাকৰ সমল-সঁজুলীৰে সৈতেই সিবিলাকৰ মতামতকে পোনাই লৈ, কৃষ্ণ- কাহিনী বুৰঞ্জীমূলক কৰা “শ্ৰীকৃষ্ণ”ৰ তৃতীয় উদ্দেশ্য। এই তিটা মূল উদ্দেশ্য কাৰ্য্যত কি ভাৱে ফলিয়ায়গৈ কব নোৱাৰিছে। এখোন; সি ভবিষ্যতৰ গৰ্ভত আৰু গুণগ্ৰাহী ৰাইজৰ বিচাৰাধীনত। পোনেই লাওঁতেই নিভুল-নিৰ্দোষ হোৱাটো আটাইৰে ভাগত নঘটে; এতেকে পোন্-প্ৰথমবাৰত যি দায়-দোষ ধৰা পৰে, তাক “শ্ৰীকৃষ্ণ”ৰ দ্বিতীয় তাৰণত আনন্দেৰে সংশোধন কৰিবলৈ সংকল্প থাকিল। পাতনি মেলিবৰ মন নাছিল। কিয়নো, ভাবিছিলো, ভূমিকাৰ ভূমিতে ইও ঠাই পাব বুলি। পিচে, দৈবদুৰ্বিপাকত, সেই ভূমিকা আচিবলৈ যি হাতত লৈছিল, তেওঁৰ ভূমিকা আমি আঁচিৰ লগাত পৰিলো।তেওঁ আন নহয়, আমাৰ প্ৰিয়তম লগৰীয়া সাহিত্যিক