চালুকিয়া কৃষ্ণ। তাৰ পাচত, গোকুলত নদ-ভৱনত ৰাম-কৃষ্ণ দুটি-ভাই’ চল-ভলকৈ দিন-দিনে ডাৰ-দীঘল হৈ উঠিল। চাওঁতে চাওঁতে ৰাম-কৃষ্ণই মাতৃকোলা এৰি বহিব পৰা হল; বহাৰপৰা চুচৰিব পৰা হল- আঁঠু আৰু হাতৰ তলুৱাত ভৰ দি অই হৈ ঢপলিয়াই ফুৰিব পৰা হল। এনেকুৱা চালুকীয়া অৱস্থাত ৰাম-কৃষ্ণক, বিশেষকৈ কৃষ্ণক, চম্ভালিবলৈকে টান হৈ উঠিল। গোহলিত সোমাই গৰুমুতৰ বোকাৰে সৈতে লুটুৰি-পুটুৰি হৈ দুয়ো কেতিয়াবা চাচি আঁই- পোৱালি হৈ ওলায়হি। তেনেকুৱা অৱস্থাত পুত্ৰদ্বয়ে কিযে মনোহৰ ৰূপ ধাৰণ কৰে!—মাতৃদ্বয়ে হৰিত গৰ্গচিতেৰে দুইকো ধুৱাইপলাই দি অনুপম আনন্দ অনুভৱ কৰে। তাৰ পাচত, যেতিয়া ৰাম-ককই মাকৰ কোলাত উঠি মক্কাই স্তন পান কৰি, নকৈ ফুটি ওলোৱা দুই-চাইটি নিগনিৰ্দাত উলিয়াই মাজে মাজে মিটিকিয়ায়, তেতিয়া সেই হাঁহিভৰা মুখ দুখনিলৈ চাই চাই ৰোহিণী-যশোদাই প্ৰাণত কি যে শান্তি লাভ কৰে তাক প্ৰকাশ কৰিবলৈ কথাৰ অভাৱ। কেতিয়াবা কোনোবা অচিনাকী বাটৰুৱাৰ পিছে পিচে ঢপলিয়াই যাওঁতে, হাতৰ ঠাৰি, বাউসি, পাৱৰ গাঁথি আৰু কাকলত আৰি দিয়া নেপুৰৰ ৰুমু জুনুকু বাদনত আপোনা-আপুনি ভোল গৈঠৰ হৈ তেলেঙ্গাশৰপপাৱালিৰ দৰে ৰৈ আকৌ উলটি ঢপলিয়াই আহি নিজ নিজ মাতৃৰ কাষ চাপেহি। দেখি বাটৰ বাটৰুৱাও মোহলাগি ৰৈ যায়! গোপিনীসকল যে ৰাম কৃষ্ণক চাই চায়েই আপোনপাহ! সিবিলাকে গৃহকাৰ্যলৈ পাহৰি ৰাম-কৃষ্ণকে চাই চাই ঘৰলৈ উটিবলৈ পাহৰে। (১) চাওঁতে-চাওঁতে ৰামকৃষ্ণ থিয়দা দিব পৰা হল। নন্দ, যশোদা, ৰোহণী আৰু গোপগোপিনীসকলৰ মনত আনলে নধৰা হল। (১) মাগত, দশম ফ, ম আখ্যা, ১৪১৮ লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬৮
অৱয়ব