শ্ৰীকৃষ্ণ
৪০
ঔৰসজাত হৈ জন্মগ্রহণ কৰিছিল ; এতেকে এই কথাৰ যি সম্ভে পায়,
সিবিলাকে এওঁক বাসুদেৱ’ নামে জানিব (১)। বিশেষ, তােমাৰ এই
পুত্ৰৰ গুণ আৰু কৰ্ম্ম অনুরূপ এওঁৰ বহুৰূপ আৰু অনন্ত নাম হব (২);
সেইবােৰ নাম অন্যে যে নাজানেই, মােৰ গণনায়াে আটাইবােৰ ধৰিব পৰা
নাই এথেন। হে ব্ৰজপাল, কৃষ্ণৰ বিষয়ে কবলৈ গলে বহুত,
ইমানকে ঠকতে কোৱা হল । মুঠৰ ওপৰত, এওঁ গোপগণ আৰু
গােকুলবাসী বাবৰে আনন্দ বর্ধন কৰি তােমালােকৰ বিশেষ মঙ্গল
সাধন কৰিব, এওঁৰ আশ্ৰয়ত তােমাৰ সকলো প্ৰকাৰৰ অপায়-অমঙ্গল
অনায়াসে খণ্ডিব, তাত সন্দেহ নাই। তাৰােপৰি, যিবিলাক ভক্তবৃন্দে
এই পৰৰ পৱিত্ৰ কৃষ্ণক প্রীতি কৰিব, সিবিলাকৰ কোনাে বিপদৰ ভয়
নাথাকিব,বাহিৰৰ শত্ৰু আৰু অন্তৰৰ ৰিপু সমূহে কৃষ্ণপ্রেমিক
অভিভূত কৰিব নােৱাৰিব (৩)।”
নামকৰণ সংস্কাৰ আৰু জন্মপত্রিকা প্রণয়ণ কাৰ্য্য সমাপন কৰি
মহাদৈবজ্ঞ র্গাচাৰ্য্য হৰিষ মনেৰে তেওঁৰ মথুৰামলৈ উলটি আহিল।
দিনাই কলিৰ প্ৰৱেশ সেই চেলুতে গৌড়ীয় সুচতুৰ বৈষ্ণৱ পণ্ডিতবর্গে পীত অর্থত
সুবর্ণ বা হেমাঙ্গ বর্ণ ধৰি, গৌরাঙ্গদেব অবতাৰণা কৰিছে।-শ্রীধৰ স্বামিত
ভাবার্থদীপিক।
(১) শ্রীমদ্ভাগৱত, দশম , ম আধ্যা, ১০ম শ্লোক।—কৃষ্ণ যে বদেৱৰ
ঔৰসজাত, সেই কথা নন্দবাজৰ অবিদিত নহয় ; তথাপি তেওঁৰ মন স্নান হােৱাৰ
আশঙ্কাত সুচতুব গর্গাচাবে এই বাসুদেৱ নামকৰণ বিশেষণেৰে সবিশেষ বুজাইছে।
(২) শ্রীমদ্ভাগৱত, দশম স্কন্ধ, ৮ম অধ্যা, ১১শ শ্লোক।—এই প্রসঙ্গতে
‘গােবিন্দ নামৰ অখ্যা পােৱা যায়। হৃদয়ৰূপ বৃন্দাবনত ইন্দ্রিয়পী গগগণৰ
নিয়ন্তা বুল শ্রীকৃষ্ণ গােবিন্দ নামে খ্যাত।শ্ৰীধৰস্বামী।
(৩) মাগৱত, দশম স্কন্ধ, ম আধ্যা, ১২-১৩ শ্লোক
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই