পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫। আধ্যা। নামকৰণ,—চালুকীয়া ৰাম-কৃষ্ণ। গমুনি যাদৱবৰ্গৰ কুলপুৰোহিত। তেওঁ এজন অগাঢ় জ্যোতি শাস্ত্ৰবিদ বিচক্ষণীয়া পণ্ডিত। ভূত, ভবিষ্যত আৰু বৰ্তমান গণনাত তেওঁ এনে পাকৈত যে, সেই আপাহতে তেওঁ সৰ্বান’ নামে প্ৰখ্যাত (১)। যাদৱপ্ৰধানসকলৰ সকলোৰে সোৱঁৰণী-পত্ৰ আৰু সেই অনুসৰি নামকৰণাদি কাৰ্য্য গৰ্গাচাৰ্যৰ দ্বাৰায়ে সততে সম্পাদিত হয়। যথা- সময়ত এদিন বসুদেৱে অতি গোপনে গৰ্গাচাৰ্যক নিবেদন কৰিলে যে, তেওঁ যেন অনতিপলমে গোকুললৈ গৈ সংগোপনে আৰু সুকৌশলেৰে নলপালিত ৰোহিণীদেবী আৰু দৈৱকীৰ গৰ্ত্তজাত পুত্ৰ দুটিৰ নামকৰণাদি সংস্কাৰ সম্পাদন কৰি আহেগৈ। সেই অনুসৰি এদিন শুভক্ষণত যাদৱ পুৰোহিত গৰ্গমুনিয়ে মথুৰাৰপৰা গোকুললৈ যাত্ৰা কৰিলে। (১) “জ্যোতিষাময়নং সাক্ষাজ, জ্ঞানমতীন্দ্ৰিয়ং। প্ৰণীতং ভবতা যেন পুমান্ বেদ পৰাবৰং।” -শ্ৰীমতগত, দশম স্কন্ধ, ম আধ্যা, ৩য় শ্লোক। গৰ্গাচাৰ্য হেন বিচক্ষণীয় দৈৱৰ বৰ্তমানত মথুৰাবাসীয়ে সময়ে সময়ে দৈববাণী শুনিবলৈ পোৱাটো একো আচৰিত কথা নহয়। ইতিপুৰ্বৰ টকাত দৈৱকী বসুদেৱৰ বিবাহ-প্ৰসঙ্গত দৈববাণীৰ যি মন্তব্য দিয়া গৈছে, তাক এই প্ৰসঙ্গীয় প্ৰত্যক্ষ প্ৰমাণে ভাই সমৰ্থন কৰে।