শ্ৰীকৃষ্ণ। বসুদেৱৰ অনুৰোধ অনুসৰি, যাদৱ পুৰোহিত মহাতপন্থী আচাৰ্য্য গৰ্গমুনি যথাসময়ত নন্দৰাজৰ গোকুল-ভৱনত উপস্থিত হলগৈ। যথাবিধি অভিবাদন কৰি মধুপৰ্কাদি প্ৰদান কৰাৰ পাচত, মুনিবৰে পাদপ্ৰক্ষালন কৰি আসন গ্ৰহণ কৰিলত, নন্দৰাজে অতি ভক্তিভাৱে প্ৰণিপাত কৰি কৰবোৰকৈ বিনীত বচনেৰে এই বুলি সম্বোধন কৰিলে, “হে ব্ৰহ্মণ! ভগবানৰ প্ৰতি অচলাভক্তিৰ প্ৰভাৱত আপুনি পূৰ্ণকাম। এতিয়া, আজ্ঞা কৰক, আপোনা অভিপ্ৰেত কি কাৰ্য্য সম্পাদন কৰিব লাগিব?” (১) গৰ্গাচাৰ্যই সঙ্কেতৰ ওপৰত তেওঁৰ আগমনৰ গুপুত উদ্দেশ্য চমুকৈ জ্ঞাপন কৰি, নন্দৰাজক এই বুলি সতৰ্ক হবলৈ উপদেশ দিলে, “দেখা, মই যে যগণৰ আচাৰ্য্য সেইটো সৰ্বত্ৰতে জনাজাত। এতেকে, মই যদি তোমাৰ পুত্ৰৰ সংস্কাৰ কাৰ্য্য দেখাদেখিকৈ সম্পাদন কৰে, তেন্তে কংসই তোমাৰ কনিষ্ঠ পুত্ৰক দৈৱকীৰ অষ্টম গৰ্ত্তজাত তনয় বুলি ভাবিব পাৰে। আৰু তাৰ ফলত যদি পাপিষ্ঠ কংসই সেই পুত্ৰক বধ কৰে, তেনেহলে আমাৰ অতিশয় অমঙ্গল সাধিত হব।” আচাৰ্যদেৱৰ সেই কথা শুনি নন্দৰাজে এই বুলি সমিচাৰ দিলে, “আপুনি আমাৰ এই গোচাৰণ প্ৰদেশত আন কোনো বিশেষ আয়োজন নকৰি, মাথোন স্বস্তিবাচনাদি পূৰ্ব্বক মন্ত্ৰোচ্চাৰণৰ দ্বাৰাই দ্বিজাতিবিহিত সংস্কাৰমাত্ৰ। সমাধা কৰোক। ইয়াত এই কাৰ্য্যৰ সম্ভেদ, আনৰ কথা নিলগতে থাওক, মোৰ আত্মীয়গণেও নাপাব”। সেই আশ্বাসত নিশ্চিত হৈ মহামুনি গৰ্গাচাৰ্যই ননন্দন দুটিৰ নামকৰণ সংস্কাৰ যথাবিধি নিজানত সমাপন কৰিলে। (২) তাৰ পাচত, আচাৰ্য্যদেৱে পুত্ৰ দুটিৰ জন্মপত্ৰিকা দুখন আঁচি (১) শ্ৰীমদ্ভাগৱত, দশম ক, ৮ম আখ্যা, ১ম গোক। (২) মাগত, দশম স্কন্ধ, ৮ম অধ্যা, ৫-৭ শ্লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬৫
অৱয়ব