পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ শ্ৰীকৃষ্ণ। কেইবাটাও সাংঘাতিক অপায় অদ্ভুতভাৱে খণ্ডিবলৈ ধৰিলে। পাচলৈ ব্ৰজবাসীয়ে বিস্ময় মানি, বিশেষ সাৱধানে পাল বাটি লৰাৰ গা-চোৱা বাব লবলৈ দিহা লগাই ললে। কিন্তু, প্ৰকৃতপক্ষে তৃণাবৰ্ত এটা সেনজাতীয় পখী হে। আৰু, সেই অদ্ভুত বল- বন্ত সবাৰ পক্ষে ই একো অসম্ভৱ ঘটনা নহয়। যি তিমিমহীয়া কেঁচুৱাৰ হেন্দোলনিত জোকাৰ খাই এখন ভবাগাড়ী হকি হামখুৰিখাই পৰিছিল, সেই কেঁচুৱাই ছমহীয়া বয়সত এই ঘটনা ঘটুৱাত বিস্ময় মানিবৰ সকাম নাই। পখীয়ে নখৰ ফণাৰে সৈতে খামছি মাৰি ধৰি বুকুত জপাই ধৰোতে ভয়-কৌতুহলত অসাধাৰণ লৰাই পখীৰ টেটুত টানকৈ টিপা দি ধৰাটো নিচেই স্বাভাবিক। আৰু, অতি ওপৰৰ চেঁচা বতাহত জাৰ পাই, পখীৰ উমূলগা বুকুত বুকু চপাই লৈ, দুটি পাৰেৰে তাৰ ডৌকাৰ তলেদি কঁকালত কে লগাই ভিৰাই ধৰাটোও অসম্ভৱ নহয়। M