পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLI. কেঁচুৱা-কৃষ্ণ। হতাশত ঠৰ লাগিল। যশোদা মাটিত পৰি মুচ্ছ গল। গোপিনীবৰ্গে বিননিত গছৰ পাত খিলি-খিলি কৰিছে। গোপকন্যাবৃনে প্ৰাণৰ পুতলা হেৰুৱাই কান্দোনত খল লগাইছে। গৰখীয়া বৃন্দই উদ্বাউল দি মাটিত ঢলি ঢলি পৰিছে। এনেতে, দেখা গল, পথীটো অবশ হৈ, পাখি দুখন পূৰ্ণহতীয়াকৈ মেলা ভাগেই ক্ৰমাৎ তললৈ সৰিবলৈ ধৰিছে। বতাহত ওপঙি ওপঙি ঘূৰিঘূৰি পখীটো পুনৰপি নন্দৰ চোতালৰ পোন হলহি,—চাওঁতে চাওঁতে পথীটো সৰি সৰি আহি কেঁচুৱাই সৈতেমাকৌ আগৰ ঠাইতে পৰিলহি। মনৰ আবেগত উত্ৰাৰ হৈ সকলোটিয়ে লৰি গৈ বেৰি ধৰিলেগৈ, আৰু দেখি আচৰিত হল যে, পখীটো নেলু ছিগি মৰি আহিছে! কেঁচুৱাৰ সোঁ-হাতেৰে পখীৰ নেলুত টিপামাৰি ধৰা ভাগেই, বাওঁ হাতেৰে তাৰ ঠোঁট দুটা জপাই ধৰা ভাগেই, তাৰ বুকুৰ উম্-লগা কোমল পাখিৰ মাজত বুকু চপাই ধৰি দুটি পাৱেৰে কে লগাই তাৰ কঁকালৰ যোৰ ভিৰাই ধৰা ভাগেই পথীটো ঠেৰো লাগি মাটিত পৰিলহি,যশোদাৰ কেঁচুৱাই মনৰ উলাহত কিৰিলিয়াবলৈ ধৰিলে।(১) এই অনুক্ৰমে এটাৰ পাচত আনটোকৈ শাদাৰ কেঁচুৱাৰ জীৱনত (১) এই তৃণাবৰ্তত বাজেও খ্ৰীকৃষ্ণৰ হাতত নিধন হোৱা পুতনা, প্ৰল, ধেনুকাব, বৃষাসুৰ, অঘা, কেশি, বোম প্ৰভৃতিক কামৰূপী মায়াম বিবিধ অনুৰৰূপে বৰ্ণোৱা হৈছে। সেই আটাইবিলাকক কৃষ্ণ বিনাশৰ অৰ্থে ভোজৰাজ সথেৰিত চোৰাংচোৱা বুলি ধৰা হৈছে। কামৰূপবাসী মন্ত্ৰ-বিদ্যাত পাৰ্গত আৰু ময়াপী বুলি তেতিয়াৰেপৰা জনসাব মনত এটা ধাৰণা বহি আহিছে। প্ৰযুক্ত ভেজাজেন মায়িনঃ কামৰপিন। লীলয়া ব্যপত্তাং স্তান বাল ক্ৰীড়নকালিব।” মাগত, তৃতীয় কাজ, স খ্যা, ৩০ খোক।