পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। 08 (গ) এদিন জেঠমহীয়া জহত আবেলি নৰাজৰ চোতালৰ আগত শীতল দূৰীবনৰ ওপৰত গোকুলৰ গোপিনীবৰ্গে মৰল পাতি বহি জুৰ লৈছে; সেই মৰলৰ মাজতে যশোদাৰ ছমহীয়া কেঁচুৱটিয়ে চিটহৈ পৰি থকা ভাগেই আকাশৰ এটি-দুটি তৰালৈ চাই চাই হাত পাৰ নচুৱাই কিৰিলিয়াব লাগিছে; গোপিনীবৰ্গে সিবিলাকৰ জহ-ভাগৰ গুচোৱা নাম-কীৰ্ত্তনাদিৰ মাজে মাজে একে-একোবাৰ কেঁচুৱাটিলৈ মোহলাগি চাইছে। এনেতে, অকস্মাৎ কোনোবা এপাকত আকাশৰপৰা এটা সেন জাতীয় ভয়ঙ্কৰ নখাল পখীয়ে থাপ মাৰি কেঁচুৱাটি লৈ উৰাও মাৰি ক্ৰমাৎ ওপৰলৈ উৰাবলৈ ধৰিলে (১)। যশোদা প্ৰমুখ্যে গোপিনীবৰ্গ বিচুত্তি হল। সিবিলাকৰ ভয়বিল আৰ্তৰাৰত গোকুলময় গৰ্গৰণি লাগি গল। গৰখীয়াবৃন্দ উধাতুখাই লৰি আহি যশেদাৰ চোতাল ভৰি পৰিলহি। গোপবৰ্গৰ যেয়ে যতে আছিল, সেয়ে তৰেপৰা ঢপলিয়াই আহি উবুৰিথাই পৰিলেহি। ভাল-ভাল পৈণত চিকাৰী গোপবৰ্গে হাতত ধেনু-কড় লৈ ওপৰৰ পখীটোলৈ টোৱাই পাৰ্যমানে কঁড়িয়াবলৈ ধৰিলেহি। কিন্তু, কাড়ে পখীক ধুকি পোৱাটো অসম্ভৱ হল; সি কেঁচুৱাক নখৰ ফণাৰে সৈতে বুকত সাবটি ধৰি ক্ৰমাৎ ওপৰলৈ উধাবলৈ হে ধৰিলে। নিৰুপায় হৈ সকললটি বিবুদ্ধি হল। নন্দৰাজ লগোৱাটোৱেই উজু উপায়। সি যি হওক, ই যে এটা প্ৰকৃত ঘটনা, তাত সন্দেহ নাই বলৱন্ত কেঁচুৱা লৰাই হাত-পাৰ নচুৱাই হেন্দুলিয়াবলৈ ধতি খটাখনো হেন্দোসনি খাই গাডীব ঘিলাত খুন্দা খেৰত গাড়াখন হঁহক হামখুৰখাই পৰাটো অসম্ভৱ নহয়। আৰু, আতুৰ হৈ বিচাতোৰ মন-প্ৰাণৰ অস্থিৰতা হেতুকে ভালেমান পৰলৈকে সবা বিচাৰি নোপাৱাটোও নিচেই স্বাভাবিক। (১) মাগৱত মহাপুৰাণত ইয়াক তৃণাবৰ্ত নামে এটা কংস-প্ৰেবিত অসুৰ বোলা হৈছে।-মক্তবত, দশম , ম আখ্যা, ১৯-২৪ মোক।