সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেঁচুৱা কৃষ্ণ। কেঁচুৱাক পুতি পেলালে। পিচে, কিৰিলিয়াই থকা লৰা ঘপৰাই নিমাত হোৱাৰ তৎ লৈ, অকস্মাৎ কিবা দুৰ্ঘটনাৰ আশঙ্কা কৰি যশোদা ৰাণীয়ে ততাতৈয়াকৈ ওলাই আহি দেখেহি চোন সৰ্বনাশ। তেওঁ এই সৰ্বনশীয়া ঘটনাত বিচুত্তিখাই চিয়ৰ-বাখৰ লগাবলৈ ধৰিলে। তাৰ পাচত, তেওঁ উত্ৰাৱল ভাৱে দুই হাতেৰে পাৰৰমানে সেই মলা- চৰকলহৰ দমটো খানিবলৈ ধৰিলে। কিন্তু, খানে হে খানে, লৰা নাই! খাটলা আছে, লৰা নাই। এনেতে, কোনোবা ফালৰপৰা উধাতু খাই আহি নজেও বিচাৰিলৈ ধৰিলেহি-কিন্তু বিচাৰে হে বিচাৰে, ৰা নাই! মনৰ উলথুলত দুয়ো বিচৰাতে বিচাৰে, লৰা নাই। অন্তৰৰ অস্থিৰতা হেতুকে, যশোদাই লুটিয়াই চোৱা মলা-চৰুকে নন্দই লুটিয়ায়হি, নন্দই লুটিাই যোৱাকে পুনৰপি যশোদাই লুটিয়াই চায়হি,- লৰা নাই! অৱশেষত নদ-যশোদা হতাশ হলগৈ,—সিবিলাক দুয়ো সামান্য মানুহৰ দৰে হিয়া ভুকুৱাই চিৰিবলৈ ধৰিলে। সেই চিয়ৰ শুনি ওচৰত থকা গোপ-গোপিনীসকল উত্ৰাৱল হৈ আহি উবুৰিখই পৰিলহি। সিবিলাক আটাইটিয়ে মিলি অতি আতুৰভাৱে সেই চৰু কলহৰ দমটো আকৌ খানি-মেলি, লুটিয়াই-বাগৰাই পিপিকৈ চালে, —কিন্তু লৰা নাই। নাই যি নায়েই লৰা নাই। ইমানতে আশা-ভৰসা এৰি সকলোটি হতাশ হৈ পৰিল, সকলোৱে সমকণ্ঠে বিনাবলৈ ধৰিলে। তেনেতে, সিমানতে বিচাৰি থকা এগৰাকী গোপিনীয়ে একাষৰীয়াকৈ তল পৰি থকা ডজৰ চৰু এটা লুটিয়াই চাওঁতেই খিলখিলকৈ হাঁহি থকা যশোদাৰ কেঁচুৱা ওলাই পৰিল। লৰাৰ গাত কতত একণ হানি- বিঘিনি নাই। দেখি, সকলোৰে আনন্দত বিহ্বল হৈ বিস্ময় মানিলে (১)। (১) শ্ৰীমদ্ভাগৱত প্ৰমুখ্যে পুৰাণাদিত এই ঘটনা অলৌকিক ভাৱে বৰ্ণোৰা হৈছে। কিয়নো, এনে অদ্ভুত কাহিনী বৰ্ণাওঁতে তাক চলিৰলৈ তাত অতিপ্ৰাকৃতিক বাঘজৰী